ETV Bharat / state

বৰপেটাত ক’ভিড SOP জাৰি কৰিলে উপায়ুক্ত তেজ প্ৰসাদ ভূচালে

author img

By

Published : Jan 11, 2022, 6:34 PM IST

ৰাজ্যত দিনক দিনে ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । বৰপেটাতো অব্যাহত আছে ক’ভিডৰ ব্যাপক সংক্ৰমণ ৷ সম্প্ৰতি, জিলাখনত কভিড বিধি সম্পৰ্কীয় নতুন নিৰ্দেশনা জাৰি কৰিছে উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ( New COVID SOP in Barpeta) ৷

barpeta-dc-tej-prasad-bhusal-issues-new-covid-sop-in-the-district
বৰপেটাত কভিড SOP জাৰি কৰিলে উপায়ুক্ত তেজ প্ৰসাদ ভূচালে

বৰপেটা ১১ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড-19 এ পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে (COVID pandemic in Assam) ৷ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে অসমত ক’ভিডৰ সংক্ৰমণ ৷ ৰাজ্যত পুনৰ আৰম্ভ হৈছে ক'ভিডৰ সংহাৰ । দিনক দিনে ভয়াৱহ হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰে পৰা ৰাজ্যত বলৱৎ হৈছে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা (New COVID SOP in Assam) ।

সমাগত ভোগালী বিহুৰ উৰুকাকলৈয়ো চৰকাৰে বান্ধি দিছে নতুন নিয়ম ৷ এই অনুসৰি, নিশা দহ বজাৰ পূৰ্বেই ভেলাঘৰত ভোজ-ভাত খাই শেষ কৰাৰ লগতে ভেলাঘৰত কোনেও নিশা কটাব নোৱাৰিব । বিয়া-সবাহত দুশ লোক বা সেই স্থানৰ মুঠ আসনৰ ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব । কিন্তু সকলোৱে দুয়োপালি টীকা লোৱা হ’ব লাগিব । হোটেল, ৰেষ্টুৰেন্ট, চিনেমা হল, কাৰ্যালয় সকলোতে কেৱল দুয়োপালি টীকা লোৱা লোকহে প্ৰৱেশ কৰিব পাৰিব । এই নিয়ম ভংগ কৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষই ভৰিব লাগিব ২৫ হাজাৰ টকাৰ জৰিমনা (Only fully vaccinated people allowed in public places) ।

বৰপেটাত ক’ভিড SOP জাৰি কৰিলে উপায়ুক্ত তেজ প্ৰসাদ ভূচালে

আনকি, ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতিও ক’ভিডে মাতি আনিছে ভাবুকি ৷ ৰাজ্যত পঞ্চম শ্ৰেণীলৈকে সকলো বিদ্যালয়ৰ পাঠদান বন্ধ ঘোষণা কৰা হৈছে ৷

ইমানবোৰ নীতি-নিময়মৰ মাজতো সমগ্ৰ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ ভয়াৱহ সংক্ৰমণ ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে বৰপেটা জিলাতো উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা (COVID pandemic in Barpeta) ৷ বিগত ২৪ ঘণ্টাত কভিডত আক্ৰান্ত হয় জিলাখনৰ ৪৭ গৰাকী লোক ৷ ক’ভিডৰ সংক্ৰমণ অধিক বৃদ্ধিৰ আশংকাত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ জিলা প্ৰশাসনৰ ৷

জিলাখনত ক’ভিড বিধি সম্পৰ্কীয় নতুন নিৰ্দেশনা জাৰি উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ (New COVID SOP in Barpeta) ৷ এই নতুন নিৰ্দেশনা মতে, ইতিপূৰ্বে প্ৰদান কৰা গ্ৰন্থমেলা,বাণিজ্য মেলা,আনন্দ মেলা,পূজা,সভা আদিৰ অনুমতি বাতিল জিলা প্ৰশাসনৰ ৷ পূৰ্বৰ অনুমতিৰ ভিত্তিত ১১ জানুৱাৰীৰ পিচত অনুষ্ঠিত কৰিব নোৱাৰিব গ্ৰন্থমেলা, বাণিজ্য মেলা,পূজা,সভা ইত্যাদি ৷ ১১ জানুৱাৰীৰ পিচত সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা নতুনকৈ ল'ব লাগিব অনুমতি ৷

লগতে পঢ়ক : Booster dose in India: ভাৰতত এদিনতে ৯ লাখ লোকক প্ৰদান বুষ্টাৰ পালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.