ETV Bharat / state

বৰপেটাৰ চেঙাত বানাক্ৰান্তৰ কাষত বিজেপি নেতা জিতু তালুকদাৰ - KHULABNADHA BAROETA

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ খোলাবান্ধা,কাছুমাৰা আৰু ম'হচৰা গাঁও পঞ্চায়তৰ সমস্যা সমূহৰো বুজ লয় অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰে।

বৰপেটাৰ চেঙাত বানাক্ৰান্তৰ কাষত বিজেপি নেতা জিতু তালুকদাৰ

author img

By

Published : Jul 8, 2020, 1:03 PM IST

Updated : Jul 8, 2020, 1:30 PM IST

বৰপেটা ৮ জুলাই : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চৰাঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি সাধন কৰে। সমষ্টিটোৰ খোলাবান্ধা,কাছুমাৰা আৰু ম'হচৰা গাঁও পঞ্চায়তৰ বন্যাৰ্তৰ কাষত এইবাৰ থিয় হ'ল অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ। জিতু তালুকদাৰে তিনিওখন পঞ্চায়তত উপস্থিত হৈ বন্যাৰ্তৰ খা-খবৰ লোৱাৰ লগতে সমস্যা সমূহৰো বুজ লয়। ৰাইজৰ অভিযোগৰ ভিত্তিত জিতু তালুকদাৰে চৰাঞ্চলত চলি থকা উন্নয়নমূলক আঁচনি সমূহ পৰিদৰ্শন কৰে আৰু যিসমূহ আঁচনি ৰূপায়ণত অনিয়ম আৰু দুৰ্নীতি সংঘটিত হৈছে সেই আঁচনিৰ সংশ্লিষ্ট বিষয়া-ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পদক্ষেপ ল'ব বুলি চৰাঞ্চলৰ ৰাইজক আশ্বাস দিয়ে। জিতু তালুকদাৰে কিছু বন্যাৰ্তৰ মাজত চিৰা,চেনি,বিস্কুট আদি খাদ্য সামগ্ৰী বিতৰণ কৰে।

বৰপেটাৰ চেঙাত বানাক্ৰান্তৰ কাষত বিজেপি নেতা জিতু তালুকদাৰ

লগতে চাওকঃ নোনা নৈৰ বানত ক্ষতিগ্ৰস্ত বহু হাজাৰ বিঘা কৃষিভূমি

Last Updated : Jul 8, 2020, 1:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.