ETV Bharat / state

বাঁহৰ ভগ্ন সাঁকোৰে যাতায়াতৰ নামত সৰুক্ষেত্ৰীৰ ৰাইজৰ দুৰ্ভোগ - BARPETA SARUKHETRI CONSTITUENCY BABOO BRIDGE NEWS

বিধায়ক জাকিৰ হুছেইন শিকদাৰে প্ৰতিশ্ৰুতি দিছিল বিধায়ক নিৰ্বাচিত হ'লেই নিৰ্মাণ কৰিব পকী দলং ৷ পিছে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি পালন নকৰি এতিয়া বিধায়কগৰাকী পৰিছে ৰাইজৰ ৰোষত ৷

বাঁহৰ ভগ্ন সাঁকোৰে যাতায়াতৰ নামত সৰুক্ষেত্ৰীৰ ৰাইজৰ দুৰ্ভোগ

author img

By

Published : Jun 22, 2020, 10:24 AM IST

বৰপেটা, ২২ জুনঃ সৰুক্ষেত্ৰী সমষ্টিৰ বাট,পথ দলঙৰ সমস্যাই জীয়াতু ভোগাই আহিছে সমষ্টিটোৰ ৰাইজক ৷ সৰুক্ষেত্ৰী সমষ্টিৰ মৰিছা গাঁৱৰ পৰা চকিৰভিঠা- খাবলাৰ ভিঠা-পুতলাৰটাৰী হৈ ভলুকাবাৰী গাঁও সংযোগী পথটোৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ সাঁকোক লৈ ক্ষোভিত অঞ্চলটোৰ ৰাইজ ৷

বাঁহৰ ভগ্ন সাঁকোৰে যাতায়াতৰ নামত সৰুক্ষেত্ৰীৰ ৰাইজৰ দুৰ্ভোগ

নিৰ্বাচনৰ সময়ত বিধায়ক জাকিৰ হুছেইন শিকদাৰে প্ৰতিশ্ৰুতি দিছিল বিধায়ক নিৰ্বাচিত হ'লেই নিৰ্মাণ কৰিব পকী দলং ৷ পিছে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি পালন নকৰি এতিয়া বিধায়কগৰাকী পৰিছে ৰাইজৰ ৰোষত ৷ যাতায়াতৰ ক্ষেত্ৰত সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজে বছৰ বছৰ ধৰি ভোগ কৰি অহা যন্ত্ৰণাই ক্ষুব্ধ কৰি তুলিছে ৰাইজক ৷ আৰু এই ক্ষোভৰ বহিপ্ৰকাশ ঘটিছে সমষ্টিবাসী ৰাইজৰ মনত ৷ সেয়ে ৰাইজৰ উন্নয়ন সাধিব নোৱাৰা জাকিৰ হুছেইন শিকদাৰ যাতে পুনৰ দিছপুৰলৈ নিৰ্বাচিত হৈ যাব নোৱাৰে সেই ব্যৱস্থা ল'বলৈ অংগীকাৰ কৰিছে সৰুক্ষেত্ৰীৰ চকিৰভিঠা অঞ্চলৰ ৰাইজে ৷ ৰাইজৰ এনে সকীয়নিৰ পিচতো যদি সৰুক্ষেত্ৰীৰ পথ দলং নিৰ্মাণৰ ক্ষেত্ৰত তৎপৰ নহয় বিধায়ক জাকিৰ হুছেইন শিকদাৰ,তেন্তে ২১ৰ নিৰ্বাচনত যে বিধায়কগৰাকী প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব সেয়া নিশ্চিত ৷

লগতে চাওকঃ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলমত জব্দ গো-মাংস ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.