ETV Bharat / state

কামৰুল ইছলাম চৌধুৰীৰ মুক্তিৰ দাবীত বৰপেটা আৰু ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

"কা" আন্দোলনত হিংসা বিয়পোৱা আৰু প্ৰৰোচিত কৰাৰ ভুৱা অভিযোগত নিয়াই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম চৌধুৰীক | তেখেতক বিনাচৰ্তে মুক্তিৰ দাবীত শুকুৰবাৰে বৰপেটা ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বৰপেটা যুৱ কংগ্ৰেছে ৷ সমান্তৰালকৈ ধুবুৰীতো কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

Barpeta and Dhuburi youth congress protest
কামৰুল ইছলাম চৌধুৰীৰ মুক্তিৰ দাবীত বৰপেটা আৰু ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Jan 24, 2020, 5:44 PM IST

বৰপেটা,24 জানুৱাৰীঃ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ ৷ ৰাজ্যত অব্যাহত থকা "কা" আন্দোলনত হিংসা বিয়পোৱা আৰু প্ৰৰোচিত কৰাৰ অভিযোগত নিয়াই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম চৌধুৰীক | তেখেতক বিনাচৰ্তে মুক্তিৰ দাবীত শুকুৰবাৰে বৰপেটা ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বৰপেটা যুৱ কংগ্ৰেছে ৷

বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰাৰ বাবেই যুৱ কংগ্ৰেছ নেতাগৰাকীক ভুৱা অভিযোগ আনি নিয়াই গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে যুৱ কংগ্ৰেছৰ সদস্যসকলে ৷ অন্যথা ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

ধুবুৰীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

সমান্তৰালকৈ, ধুবুৰীতো কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ বৃহস্পতিবাৰে ধুবুৰী জিলা যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে শুকুৰবাৰে পুনৰ যুৱ কংগ্ৰেছৰ সভাপতি আলতাব হুছেইন মণ্ডলৰ নেতৃত্বত জিলা যুৱ কংগ্ৰেছে এক প্ৰতিবাদী সমদল উলিয়ায় ৷ কামৰুল ইছলামক বিনা চৰ্তে মুক্তিৰ দাবীত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদাকৰীসকলে ৷ উল্লেখযোগ্য যে, ধুবুৰী আৰক্ষীয়ে প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰী আটক কৰে যদিও কিছু সময় পিছতেই সকলো লোককে মুকলি কৰি দিয়া হয় ৷

লগতে পঢ়ক-গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ-দুৰ্ঘটনা: নিহত 2

Intro:Slug:

বৰপেটা, ২৪ জানুৱাৰীঃ
যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ ৷ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত ৰাজ্যত অব্যাহত থকা আন্দোলনত হিংসা বিয়পোৱা আৰু প্ৰৰোচিত কৰাৰ ভূৱা অভিযোগত নিয়াই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম চৌধুৰীক বিনাচৰ্তে মুক্তিৰ দাবীত আজি বৰপেটা জিলা যুৱ কংগ্ৰেছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰে ৷ Body:বৰপেটা যুৱ কংগ্ৰেছে আজি বৰপেটা ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগান আওৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰে ৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা গণতান্ত্ৰিক আন্দোলনক মষিমুৰ কৰাৰ বাবেই যুৱ কংগ্ৰেছ নেতাগৰাকীক ভূৱা অভিযোগ আনি নিয়াই গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তুলি শীঘ্ৰে তেওক মুক্তি দিবলৈ দাবী জনাইছে ৷ অন্যথা ৰাজ্যজুৰি তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ দিছে যুৱ কংগ্ৰেছে ৷

Conclusion:বাইটঃ দুগৰাকী যুৱ কংগ্ৰেছ নেতা ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.