ETV Bharat / state

Bajali police demanding money case: পুনৰ তিনিজন আটক

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 6:22 PM IST

বৃহস্পতিবাৰে পুনৰ CID য়ে বজালীৰ ধন দাবীকাণ্ডৰ লগত জড়িত থকা তিনিজন লোকক আটক কৰিছে । পাঠশালা আৰক্ষী থানাৰ LC অনন্ত মালাকাৰ, ভৱানীপুৰ আৰক্ষী চকীৰ LC চানুৱাৰ হুছেইন আহমেদ আৰু PSO (SP) প্রাঞ্জল পাটৰক CID এ সোধা পোছাৰ বাবে আটক কৰিছে।

Three more arrested
পুনৰ তিনিজন আটক

গুৱাহাটী, 7 ছেপ্টেম্বৰ : ক্ষীপ্ৰ গতিত চলিছে বজালীৰ ধন দাবীকাণ্ডৰ তদন্ত ৷ বৃহস্পতিবাৰে পুনৰ CID য়ে এই ঘটনাৰ লগত জড়িত থকা তিনিজন লোকক আটক কৰিছে । পাঠশালা আৰক্ষী থানাৰ LC অনন্ত মালাকাৰ, ভৱানীপুৰ আৰক্ষী চকীৰ LC চানুৱাৰ হুছেইন আহমেদ আৰু PSO (SP) প্রাঞ্জল পাটৰক CID এ সোধা পোছাৰ বাবে আটক কৰিছে। সম্প্ৰতি তিনিওজনকে CID য়ে মাৰথন জেৰা চলাইছে।

ইপিনে সোধা পোছাৰ বাবে যোৱা দুদিন ধৰি আটক কৰি ৰখা ছহিদুল ইছলামক চি‌আইডিয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, বজালীৰ ধন দাবীকাণ্ডত গ্ৰেপ্তাৰ হোৱা বজালীৰ তদানীন্তন এ এছ পি গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী ববি সিঙ শৰ্মাৰ লগতে ধন দাবীকাণ্ডত নাম সাঙুৰ খাই পৰিছিল ধৃত দালাল কিশোৰ বৰুৱা , ভৱানীপুৰ আৰক্ষী চকীৰ SI দেৱজিৎ গিৰি, গায়ত্ৰী সোণোৱালৰ দেহৰক্ষী ইনজামামুল হাছান,আৰক্ষী অধীক্ষকৰ গাড়ী চালক দ্বীপজয় ৰয়, হোমগাৰ্ড নাবীৰ আহমেদৰ ৷ ধৃত 7 জনকে চিআইডিয়ে বুধবাৰে আদালতত হাজিৰ‌ কৰিছিল।

ইয়াৰ পিচতে আদালতে আটাইকেজনৰ জামিন আবেদন নাকচ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ইপিনে যোৱা সোমবাৰে গ্ৰেপ্তাৰ হোৱা বজালীৰ SP সিদ্ধাৰ্থ বুঢ়াগোঁহাই , DSP পুষ্কল গগৈ পাঁচদিনৰ বাবে চি আই ডিৰ জিম্মাত আছে ৷ উল্লেখ্য যে, SP সিদ্বাৰ্থ বুঢ়াগোঁহাইৰ অতি ঘনিষ্ঠ দালাল চহিদুল ইছলামক বৃহস্পতিবাৰে CID য়ে আদালতত হাজিৰ‌ কৰিব। বহু নেতা মন্ত্ৰীৰ আশীৰ্বাদতেই চহিদুলে ৰবিউলৰ লগত মিলি চলাই গৈছিল বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেট। চুপাৰিৰ মাজতেই মাৰাত্মক ড্ৰাগছ সৰবৰাহ কৰাৰো অভিযোগ উত্থাপন হৈছে ৰবিউল, চহিদুলৰ বিৰুদ্ধে।

লগতে পঢ়ক: Bajali police demanding money case: আদালতত হাজিৰ কৰা‌ হ’ব তদানীন্তন এ এছ পি গায়ত্ৰী সোণোৱাল সহ ৭ জনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.