বৰপেটা, ৩০ অক্টোবৰঃ বৰপেটাৰ বাঘবৰত আৰক্ষীৰ জালত পৰিল এটা কুখ্যাত নাৰী ব্যৱসায়ী চক্ৰ ৷ ধৃত নাৰী ব্যৱসায়ীটো বাঘবৰৰ ভৈৰাৰপাম গাঁৱৰ সৰবেশ আলী ওৰফে নুৰ আলম ওৰফে নুৰু মিয়া ৷ বিভিন্ন ছদ্মনাম লৈ সৰবেশ আলীয়ে চৰ চাপৰিৰ বহু সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীক বিক্ৰী কৰি আহিছে বহিঃৰাজ্যত ৷ অৱশেষত ৰাজস্থানৰ পৰা পলাই অহা এগৰাকী যুৱতীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাৰী ব্যৱসায়ীটোক ৷ ধৃত নাৰী ব্যৱসায়ীটোৱে বাঘবৰৰ সত্ৰকনৰা গাঁৱৰ এগৰাকী যুৱতীক বিবাহৰ প্ৰলোভনেৰে লৈ গৈ ৰাজস্থানত বিক্ৰী কৰিছিল । অৱশ্যে সুযোগ বুজি ১৪ মাহ পিচত ৰাজস্থানৰ পৰা পলাই আহি নিজ ঘৰত উপস্থিত হয় যুৱতীগৰাকী ৷
লগতে পঢ়কঃশ্ৰদ্ধাঞ্জলী কাননত মুকলি পালে অসমীয়া ছবি 'প্ৰতিঘাত'ৰ গান
আনহাতে, কুখ্যাত নাৰী ব্যৱসায়ীটোৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিলৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাৰী ব্যৱসায়ীটোক ৷ উল্লেখ্য যে, যুৱতীগৰাকীয়ে ৰাজস্থানতে দুমাহ পূৰ্বে জন্ম দিছে এটা সন্তান ৷ আৰু সন্তানটোক কোলাত লৈ ঘৰত উপস্থিত হোৱাৰ পিছতেই ঘটনাটোক লৈ অঞ্চলটোত সৃষ্টি হৈছে তুমুল চাঞ্চল্যৰ ৷