ETV Bharat / state

লাট মণ্ডলক বিপথে পৰিচালিত কৰি দুখীয়া লোকৰ মাটি বেদখলৰ চেষ্টা - encroach land

Land Encroach case: মাটি দালালৰ দপদপনিয়ে টোপনি কাঢ়িছে কান্দুলিয়াবাসীৰ ৷ গোচৰ চলি থকা ভূমি বেদখলৰ চেষ্টাৰ অভিযোগ ৷

Land Encroach case
লাট মণ্ডলক বিপথে পৰিচালিত কৰি দুখীয়া লোকৰ মাটি বেদখলৰ চেষ্টা
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 1:52 PM IST

লাট মণ্ডলক বিপথে পৰিচালিত কৰি দুখীয়া লোকৰ মাটি বেদখলৰ চেষ্টা

জনীয়া, 12 জানুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়াৰ কান্দুলিয়াত মাটিৰ দালালৰ দপদপনি । লাট মণ্ডলক বিপথে পৰিচালিত কৰি দুখীয়াৰ মাটি বেদখলৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তিতাপানী মৌজাৰ কান্দুলিয়া গাঁৱত প্ৰায় এশ বছৰীয়া দখলকৃত মাটি দালাল আৰু লাট মণ্ডলে গোপন বুজা বুজিৰে বেদখল কৰি অন্য লোকক চমজাই দিবলৈ অপচেষ্টা কৰা বুলি ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰিছে । মাটিডৰাক লৈ কেইবাটাও অসামৰিক গোচৰ চলি থকাৰ মাজতেই তিতাপানী মৌজাৰ 6 নম্বৰ লাটৰ লাট মণ্ডল ফজল শ্বেখ আৰু সাওৰাচৰাৰ আব্দুল ওহাবে মাটিৰ সীমা চমজাই দিবলৈ মাপ-জোখ কৰি থকাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

লাট মণ্ডল দুজনৰ লগতে ছাইদুল ইছলাম আৰু সোনাউল্লা নামৰ দুজন মাটিৰ দালালে মিলি 547 নং দাগৰ আশ্ৰৱ আলী, মগল হুছেইন, জয়নাল আব্দিন, আছৰ উদ্দিন আৰু আকবৰ আলীৰ দখলত থকা প্ৰায় পাঁচ বিঘা মাটি বেদখল কৰি তাত অন্য লোকক বহুৱাই দিব বিচাৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে, কান্দুলিয়া বুলু শ্বেখৰ নামত থকা 548 নং দাগৰ ম্যাদি পট্টাৰ মাটি আৰু তয়েজ খাঁৰ নামত থকা 549 নং দাগৰ ম্যাদি পট্টাৰ মাটিখিনি একে গাঁৱৰে আতোৱাৰ ৰহমান আৰু আব্দুল জলিলক হস্তগত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

ইফালে উক্ত ভূমিখিনিৰ পশ্চিম অংশত থকা 547 নং দাগৰ প্ৰায় 5 বিঘা খাচ মাটিত প্ৰায় এশ বছৰে দখল কৰি থকা আশ্ৰৱ আলীৰ লগতে আন চাৰি গৰাকী ব্যক্তিক উচ্ছেদ কৰি ভূমিখিনি বুলু শ্বেখ আৰু তয়েজ খাঁক গতাই দিবলৈ উঠি পৰি লাগিছে তিতাপানীৰ লাট মণ্ডল আৰু দুজন মাটিৰ দালালে ।

স্মৰ্তব্য যে, উক্ত দাগ নম্বৰ সম্বলিত মাটি ডোখৰক কেন্দ্ৰ কৰি টাইটেল চুইট নং 277/2023 আৰু 276/2023 নম্বৰৰ অসামৰিক গোচৰ চলি থকাৰ মাজতে কি স্বাৰ্থত বলপূৰ্বক মাটি যোখ-মাপ কৰি চমজাই দিবলৈ খেতিত লাট মণ্ডল উপস্থিত হ’ল, সেই লৈ ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে । ইয়াৰ সম্প্ৰতি মাটিৰ দালাল সোনাউল্লা আৰু ছাইদুল ইছলামৰ লগত মিলি ধনৰ বিনিময়ত গোপন বুজা বুজি কৰি লাট মণ্ডলে এই কাম কৰিবলৈ আগবাঢ়িছে বুলি ভুক্তভোগী পৰিয়ালসমূহে অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়ক: গুৱাহাটীৰ বিপণন ক্ষেত্ৰতো ভোগালী মেলাৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.