ETV Bharat / state

পাৰিবাৰিক বিবাদৰ পৰিণতি: এজাহাৰ দাখিলৰ বাবে হত্যাৰ চেষ্টা

পাৰিবাৰিক বিবাদৰ পৰিণতিত এগৰাকী ব্যক্তিক হত্যাৰ চেষ্টা চলাই কলগাছিয়াৰ টাপাজুলিৰ এটা দম্পতীয়ে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে বালিকুৰি আৰক্ষী চকীত দাখিল কৰা হৈছে এক এজাহাৰ ৷

Attempted murder for filling FIR jania barpeta assam etv bharat news
এজাহাৰ দাখিলৰ বাবে হত্যাৰ চেষ্টা
author img

By

Published : Sep 1, 2020, 12:51 PM IST

জনীয়া, 1 ছেপ্তেম্বৰ: থানাত এজাহাৰ দাখিল কৰাৰ বাবে এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াৰ অন্তৰ্গত টাপাজুলিত ৷ সোমবাৰে সংঘটিত হৈছে এনে ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত 23 আগষ্টত খেতিত ঘাঁহ কটাক কেন্দ্ৰ কৰি মিৰ বক্স নামৰ এগৰাকী ব্যক্তিৰ পত্নী আয়মনা খাতুনক কাঁচিৰে ঘপিয়াইছিল কামালউদ্দিন আৰু মমতাজ বেগম নামৰ প্ৰতিবেশী দম্পতীয়ে ৷ পৰৱৰ্তী সময়ত ভুক্তভোগীয়ে দম্পতীটোৰ বিৰুদ্ধে বালিকুৰি আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷ এই এজাহাৰ দাখিলৰ পিছতে গুচৰীয়াৰ বিপৰীতে অন্য এক এজাহাৰ দাখিল কৰে উক্ত দম্পতীটোৱে ৷ কামালউদ্দিন আৰু পত্নীয়ে ৰুজু কৰা ভূৱা গোচৰৰ বিৰুদ্ধে জামিন লাভ কৰি মিৰ বক্স আৰু পত্নীয়ে ঘৰলৈ উভতাৰ পথত আক্ৰমণৰ সন্মুখীন হয় ৷ কামালউদ্দিন আৰু পত্নীয়ে এই আক্ৰমণৰ নেতৃত্ব দিয়া বুলি অভিযোগ উত্থাপন কৰিছে আক্ৰমণৰ বলি হোৱা দম্পতীটোৱে ৷

এজাহাৰ দাখিলৰ বাবে হত্যাৰ চেষ্টা

উল্লেখ্য যে, চাৰিচকীয়া এখন বাহনেৰে আহি গৃহাভিমুখে অহা দম্পতীটোক বলপূৰ্বকভাৱে গাড়ীত উঠাই নি অন্য স্থানত নিৰ্মমভাৱে প্ৰহাৰ কৰি পথৰ দাঁতিত পেলাই থৈ যায় ৷ স্থানীয় ৰাইজে দম্পতীটোক পথৰ দাঁতিত পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দম্পতীটোক সংকটজনক অৱস্থাত উদ্ধাৰ কৰাৰ লগতে চিকিৎসাৰ বাবে মিৰ বক্সক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ সোমবাৰৰ এই আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি মিৰ বক্সৰ পৰিয়ালবৰ্গই বালিকুৰি আৰক্ষী চকীত আক্ৰমণকাৰীৰ বিৰুদ্ধে পুনৰ এক এজাহাৰ দাখিল কৰে ৷

লগতে চাওকঃ নিশা অক্সিজেন লেভেল হ্ৰাস পালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.