ETV Bharat / state

ঘৰত অগ্নিসংযোগ কৰি হত্যাৰ চেষ্টা এটা পৰিয়ালক

ঘৰত অগ্নিসংযোগ কৰি এটা পৰিয়ালক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ । স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা ।

অগ্নিসংযোগ কৰাৰ পাচত ক্ষতিগ্ৰস্ত হোৱা ঘৰটো
author img

By

Published : Oct 12, 2019, 9:58 AM IST

Updated : Oct 12, 2019, 12:55 PM IST

কলগাছিয়া,12 অক্টোবৰ : কলগাছিয়া আৰক্ষী থানাৰ অধীনস্থ বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত জনতা গাঁৱৰ এটা পৰিয়ালক অগ্নিসংযোগ কৰি হত্যা কৰাৰ চেষ্টা চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

কলগাছিয়াত ব্যৱসায়ীৰ ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ

উক্ত গাঁওখনৰ আবাসী ছফি খানৰ ঘৰত দুৰ্বৃত্তই শুকুৰবাৰে অগ্নিসংযোগ কৰি পৰিয়ালটোক প্ৰাণে মৰাৰ চেষ্টা চলায়। চুবুৰীয়া মোছলেম আলী আৰু মোন্তাজ আলীৰ লগত থকা ব্যৱসায়িক লেনদেনৰ মতানৈক্যই এই দুষ্কাৰ্যৰ কাৰণ বুলি ৰাইজে সন্দেহ কৰিছে ৷

উল্লেখ্য় যে, অংশীদাৰী ব্যৱসায়ী দুগৰাকীয়ে ছফি খানৰ পৰা তিনি লাখ পঞ্চাশ হেজাৰ টকা ধাৰলৈ লৈছিল । সেই ধাৰৰ টকা বিচৰাৰ বাবেই শুকুৰবাৰে ৰাতি ঘৰত কেৰাচিন ঢালি অগ্নি সংযোগ কৰে ৷ ছফি খানৰ পৰিয়ালৰ লোকে আতংকিত হৈ চিঞৰ-বাখৰ কৰাত ওচৰ-চুবুৰীয়া লোকে তৎপৰতাৰে জুই নিৰ্বাপিত কৰে ।

জানিব পৰা মতে, ইয়াৰ পূৰ্বেও ছফি খানক মোছলেম আলীয়ে কেইবাবাৰো প্ৰাণে মৰাৰ ভাবুকি দি আহিছিল । ঘটনাৰ তদন্ত সাপেক্ষে ন্যায়ৰ দাবী কৰিছে স্থানীয় ৰাইজে ।

Intro:slug: as_jania_12oct_attempt_to_murder_by_fire_burn_vis2+byt3+pho2_story_asc10058

Anchor: ঘৰত অগ্নি সংযোগ কৰি সপৰিয়ালে প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ। স্থানীয় ৰাইজৰ ততপৰতাত প্ৰাণ ৰক্ষা। অঞ্চলব্যাপী চাঞ্চল্য। ধনৰ লেনদেনৰ কাৰণে সংঘটিত হৈছে এই ঘটনা।Body:slug: as_jania_12oct_attempt_to_murder_by_fire_burn_vis2+byt3+pho2_story_asc10058

VO: কলগাছিয়া আৰক্ষী থানাৰ অধিনস্ত বালিকুৰি আৰক্ষী চকীৰ এলেকাধীন জনতা গাঁৱৰ ছফি খানৰ ঘৰত অগ্নি সংযোগ কৰি সপৰিয়ালে প্ৰাণে মৰাৰ চেষ্টা চলাই। ছফি খানে ওচৰৰে মোছলেম আলী আৰু মোন্তাজ আলীৰ লগত কৰি আহিছে লাখ লাখ টকাৰ গৰুৰ ব্যবসায়। ভাগিদাৰ ব্যবসায়ী জনে ছফি খানৰ পৰা লৈছিল তিনি লাখ পঞ্চাশ হেজাৰ টকা ধাৰলৈ। সেই ধাৰৰ টকা চিচৰাৰ বাবেই ৰাতি ঘৰত কেৰাচিন তেল ডালি অগ্নি সংযোগ কৰি দিয়াত ছফি খানৰ ঘৈণীয়েকে আতংকিত হৈ চিঞৰ-বাখৰ কৰাত ওচৰৰ চুবুৰীয়াৰ ততপৰতাত জুই নিৰ্বাপিত হয়। তিনিজনৈ নাবালক সহ পৰিয়ালটো অগ্নি সংযোগ কৰি জ্বলাই দিয়াৰ চেষ্টাত সমগ্ৰ অঞ্চলতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ছফি খানক উক্ত মোছলেম আলীয়ে কেইবাবাৰো প্ৰাণে মৰাৰ ভাবুকি দি আহিছে। ঘটনাৰ তদন্ত সাপেক্ষে ন্যায় বিচাৰ দাবী কৰিছে স্থানীয় ৰাইজে।Conclusion:slug: as_jania_12oct_attempt_to_murder_by_fire_burn_vis2+byt3+pho2_story_asc10058

Byte: নাবালক পুত্ৰ, আত্মীয় আৰু স্থানীয় ৰাইজ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Oct 12, 2019, 12:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.