ETV Bharat / state

বৰপেটাৰ পক্ষী নিধন থলীত ৰাজ্যৰ মুখ্য বন সংৰক্ষক এম কে যাদৱ

author img

By

Published : Jul 22, 2021, 9:07 PM IST

সোমবাৰে বৰপেটাৰ শিলাগাঁৱত খেতিৰ পথাৰত কৃষকে প্ৰয়োগ কৰা বিষাক্ত দ্ৰৱ্য সেৱন কৰি মৃত্যু ঘটিছিল প্ৰায় তিনিশ পক্ষীৰ ৷ উক্ত ঘটনাৰ তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে ৰাজ্যৰ মুখ্য বন সংৰক্ষক এম কে যাদৱ ৷

assams-pccf-visits-barpeta-to-inquire-egret-killing-incident
বৰপেটাৰ পক্ষী নিধন থলীত ৰাজ্যৰ মুখ্য বন সংৰক্ষক এম কে যাদৱ

বৰপেটা, 22 জুলাই : বৰপেটাৰ শিলাগাঁৱত সংঘটিত হোৱা পক্ষী নিধনৰ ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে শিলাগাঁৱত উপস্থিত ৰাজ্যৰ মুখ্য বন সংৰক্ষক (Principal Chief Conservator of forest, wild life)এম কে যাদৱ ৷ যোৱা সোমবাৰে শিলাগাঁৱৰ এখন খেতিপথাৰত একাংশ কৃষকে কঠিয়া ৰোপণৰ বাবে সিঁচা ধানৰ বীজত বিষ প্ৰয়োগ কৰাৰ ফলত প্ৰায় তিনি শতাধিক বনৰীয়া পক্ষীৰ মৃত্যু হৈছিল ৷ পক্ষী নিধনৰ বাতৰিটো সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উক্ত ঘটনা সন্দৰ্ভত পৰিৱেশ আৰু বনমন্ত্ৰীক এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিছিল ৷

মুখ্যমন্ত্ৰীৰ তৎপৰতাৰ পিছতেই পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন আৰু মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী)ক এই ঘটনাৰ তদন্ত কৰি তাৎক্ষণিকভাৱে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ৷ বনমন্ত্ৰীৰ নিৰ্দেশ মানি বৃহস্পতিবাৰে ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱ, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক অমল শৰ্মাসহ বন বিভাগৰ এটা দল শিলাগাঁৱত উপস্থিত হৈ পক্ষী নিধন হোৱা কঠিয়াতলিখন পৰিদৰ্শন কৰাৰ লগতে ঘটনাটোৰ বিষয়ে বুজ লয় ৷ মুখ্য বন সংৰক্ষক এম কে যাদৱে শিলাগাঁৱৰ ঘটনাস্থলী পৰিদৰ্শন কৰি পক্ষী নিধনৰ ঘটনাটো আৰক্ষীৰ পৰিৱৰ্তে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত বন বিভাগে তদন্ত চলাব বুলি জানিবলৈ দিয়ে ৷

এই সমগ্ৰ ঘটনা বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত উচিত তদন্তৰ বাবে সহকাৰী বন সংৰক্ষক(ACF)ৰণজিৎ দত্তক দায়িত্ব প্ৰদান কৰা বুলিও সদৰী কৰে মুখ্য বন সংৰক্ষকগৰাকীয়ে ৷ এ চি এফ ৰণজিৎ দত্তক বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত সমগ্ৰ ঘটনাটোৰ তদন্ত চলাই অতি শীঘ্ৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈকো নিৰ্দেশ প্ৰদান কৰিছে প্ৰধান মুখ্য বন সংৰক্ষকে ৷

ইপিনে বন বিভাগৰ গোচৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে আটক কৰা মান্নান আলীক বন বিভাগক জিম্মাত লবলৈ নিৰ্দেশ দিয়াৰ লগতে ঘটনাটোৰ সৈতে জড়িত আন অভিযুক্ত সকলকো গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰদান কৰিছে এম কে যাদৱে ৷ ইয়াৰ উপৰিও বন্য প্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজক সজাগ হোৱাৰ আহ্বান জনোৱাৰ লগতে এইক্ষেত্ৰত নতুন চিন্তাৰে আগবাঢ়িব লাগিব বুলি মন্তব্য প্ৰধান বন সংৰক্ষকগৰাকীৰ ৷ আনহাতে বন্য প্ৰাণী থাকিলেহে মানৱ জাতি জীয়াই থাকিব বুলিও মন্তব্য কৰে মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে ৷

লগতে পঢ়কঃ বৰপেটাৰ পক্ষী হত্যাৰ ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ বনমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.