ETV Bharat / state

নেশ্যনেল কাৰাটে চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰিব অসমৰ ৪৬ জনীয়া এটা দলে - Team from Assam to go to Pune to participate in National Karate Championship

মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত হৈছে নেশ্যনেল কাৰাটে চেম্পিয়নশ্বীপ(National Karate Championship) । এই চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰিব ৪৬ জনীয়া অসমৰ এটা দলে । ইতিমধ্যে মঙলবাৰে পুনেলৈ বুলি ৰাওনা হৈছে দলটো ।

Assam team to national karate championship held in Pune
পুনেত অনুষ্ঠিত নেশ্যনেল কাৰাটে চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰিব অসমৰ ৪৬ জনীয়া এটা দলে
author img

By

Published : Jun 14, 2022, 8:24 PM IST

বৰপেটা,১৪ জুন: অহা ১৭ জুনৰ পৰা ১৯ জুনলৈ মহাৰাষ্ট্ৰৰ পুনেৰ শিৱাজী ছত্ৰপতি স্প'ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ’ব নেচনেল কাৰাটে চেম্পিয়নশ্বীপ ৷ দেশৰ বিভিন্ন ৰাজ্যৰ সমান্তৰালভাৱে এই চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰিব অসমৰ এটা দলে । মঙলবাৰে পুনেলৈ বুলি ৰাওনা হৈছে অসমৰ ৪৬ জনীয়া দলটো(Assam team to national karate championship held in Pune) ।

Assam team to national karate championship held in Pune
পুনেলৈ অসমৰ ৪৬ জনীয়া অসমৰ দলটো

কেডেট, জুনিয়ৰ, ২০ অনুৰ্ধ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাখনত অসমৰ হৈ অংশ লব কমনৱেলথ ছেম্পিয়নশ্বীপত সোণৰ পদক বিজয়ী দুই খেলুৱৈ নিচাদ আলী, হেমফু বংজাঙৰ লগতে মুঠ ৪৬ গৰাকী খেলুৱৈয়ে ৷ ইউনিফাইড কাৰাটে এছ'ছিয়েচন আছামৰ হৈ প্ৰশান্ত পি শইকীয়া, মনজিৎ হাজৰিকাৰ নেতৃত্বত মহাৰাষ্ট্ৰলৈ ৰাওণা হৈছে দলটো ৷ উল্লেখ্য যে, উক্ত ছেম্পিয়নশ্বীপৰ পৰাই উজবেকিস্তানত অনুষ্ঠিত হ’বলগীয়া এচিয়ান কাৰাটে ছেম্পিয়নশ্বীপ আৰু তুৰ্কীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব কাৰাটে ছেম্পিয়নশ্বীপলৈ ভাৰতীয় দল নিৰ্বাচিত কৰা হব ৷

দলটোৱে সমূহ অসমবাসীৰ আৰ্শীবাদ কামনা কৰিছে । সমান্তৰালভাৱে দলটোক লৈ যথেষ্ট আশাবাদী প্ৰশিক্ষক তথা অভিভাৱকসকল ।

লগতে পঢ়ক: ন্যায্য প্ৰাপ্তিৰ দাবীত গোৱালপাৰাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.