ETV Bharat / state

অসম আৰক্ষীৰ জাতীয় সংহতি মটৰচাইকেল ৰেলী

author img

By

Published : May 2, 2022, 8:26 PM IST

ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি ৰাখি দেওবাৰে অসম আৰক্ষীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ উলিওৱা বাইক ৰেলী সোমবাৰে চিৰাঙৰ পৰা বৰপেটাত উপস্থিত হয় (Assam police bike rally)৷ চিৰাঙৰ পৰা বৰপেটাত আহি উপস্থিত হোৱা 'জাতীয় সংহতি মটৰচাইকেল ৰেলী'ক বৰপেটাত বিপুল আদৰণি (Assam police bike rally present at Barpeta)৷

Assam police bike rally present at Barpeta
অসম আৰক্ষীৰ জাতীয় সংহতি মটৰচাইকেল ৰেলী

বৰপেটা, ২ মে : অসম আৰক্ষীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি ৰাখি 1 মে' অৰ্থাৎ দেওবাৰে এক গৌৰৱময় বাইক ৰেলী(Assam police bike rally on first may)উলিওৱা হয় । আনন্দ মিশ্ৰৰ নেতৃত্বত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তী গোলকগঞ্জৰ পৰা অসম আৰক্ষীয়ে এই বাইক ৰেলী আৰম্ভ কৰে (President's Colors Award honoured to Assam Police) ৷

ধুবুৰীৰ পৰা শদিয়ালৈ প্ৰতিখন জিলা পৰিভ্ৰমণ কৰা এই বাইক ৰেলী সোমবাৰে চিৰাঙৰ পৰা আহি উপস্থিত হয় বৰপেটাত (Assam police bike rally present at Barpeta)৷ প্ৰতিকূল বতৰৰ মাজতে চিৰাঙৰ পৰা বৰপেটাত আহি উপস্থিত হোৱা 'জাতীয় সংহতি মটৰচাইকেল ৰেলী'ক বৰপেটাত বিপুলভাৱে আদৰণি জনোৱাৰ পিচতে সংবাদমাধ্যমৰ আগত আনন্দ মিশ্ৰই (Anand Mishra at Barpeta) মন্তব্য প্ৰকাশ কৰি কয় যে, "অসমৰ বাবে প্ৰাণ দিবলৈয়ো প্ৰস্তুত । অসমক কিয় ইমান ভালপাও সেয়া নাজানো ৷ কিন্তু অসমৰ বাবে মই প্ৰাণ দিবলৈও প্ৰস্তুত আছো ৷"

অসম আৰক্ষীৰ জাতীয় সংহতি মটৰচাইকেল ৰেলীক নেতৃত্ব প্ৰদান কৰি অহা আনন্দ মিশ্ৰৰ লগতে ৰেলীৰ বিষয়াসকলক বৰপেটাৰোডৰ শিমলাগুৰিৰ পৰা বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই বৰপেটালৈ আদৰি অনাৰ পিচতে প্ৰশাসনৰ বিষয়া আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্বই সম্ভাষণ জনায় ৷

ইয়াৰ পিচতে ৰাষ্ট্ৰপতি কালাৰ সম্মান লাভ কৰাতো এয়া অসম আৰক্ষীৰ বাবেই নহয় এয়া অসমৰ বাবেও এক গৌৰৱৰ বিষয় বুলি তেওঁ মন্তব্য কৰে ৷ চেলিব্ৰিটি অফিচাৰ হিচাপে পৰিচিত হৈ পৰা আনন্দ মিশ্ৰই নিজৰ এনে জনপ্ৰিয়তাৰ বাবেই তেওঁৰ দায়িত্ব আৰু বৃদ্ধি পোৱা বুলি মন্তব্য কৰে ৷

ইফালে আনন্দ মিশ্ৰৰ নেতৃত্বত অহা জাতীয় সংহতি মটৰচাইকেল ৰেলীক আদৰণি জনাই বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই অসম আৰক্ষীয়ে উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি কালাৰ সম্মান লাভ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰাৰ লগতে অসম আৰক্ষীৰ বাবে এয়া এক বৃহৎ সফলতা বুলি মন্তব্য কৰে ৷ অসমে এনে সন্মান লাভ কৰা দেশৰ দশমখন ৰাজ্য বুলিও মন্তব্য কৰে অমিতাভ সিনহাই ৷

লগতে পঢ়ক : President's colour award to Assam police: ধুবুৰীৰ পৰা শদিয়ালৈ অসম আৰক্ষীৰ বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.