ETV Bharat / state

বিজেপিৰ প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিব জনসাধাৰণেঃ ঘাটোৱাৰ

author img

By

Published : Apr 20, 2019, 11:55 AM IST

বিজেপিয়ে অসমবাসীক প্ৰতাৰণা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ চেষ্টা কৰাৰ প্ৰতিবাদ জনাইছে অসমৰ ৰাইজে ৷ নিৰ্বাচনৰ ফলাফলৰ জৰিয়তে অসমবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷

পৱন সিং ঘাটোৱাৰ

বৰপেটা, 20 এপ্ৰিল : বিজেপিয়ে প্ৰতাৰণা আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে ৷ সমাজখনক ভাগ ভাগ কৰাৰ নিম্নমানৰ ৰাজনীতি কৰি অসমৰ স্বাৰ্থৰ বিৰুদ্ধে গৈ বিজেপিয়ে যি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ গৈছে তাৰ বিৰুদ্ধে অসমৰ ৰাইজে প্ৰতিবাদ কৰিছে ৷ কংগ্ৰেছৰ প্ৰাৰ্থীক জয়যুক্ত কৰি অসমৰ জনসাধাৰণে বিজেপিৰ প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিব বুলি শনিবাৰে বৰপেটাত মন্তব্য কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে ৷

বিজেপিৰ প্ৰতাৰণাৰ প্ৰত্যুত্তৰ দিব জনসাধাৰণে

বৰপেটা আৰু কোকৰাঝাৰ লোকসভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী শোচনীয়ভাৱে পৰাজিত হ'ব বুলি মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত কংগ্ৰেছেই জয়ী হ'ব বুলি দাবী কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে এক লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলিও ঘাটোৱাৰে ভৱিষ্যদ্বাণী কৰে ৷

Intro:প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ভোটাৰ ৰাইজে কংগ্ৰেছৰ প্ৰতি বিপুল ভাৱে সমৰ্থন আগবঢ়াইছে ৷
প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল যথেষ্ট ভাল হব ৷ এই দাবী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পৱন সিঙ ঘাটোৱাৰৰ ৷Body:বৰপেটা ধুবুৰী কোকৰাঝাৰত অনুষ্ঠিত হবলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতো কংগ্ৰেছৰ প্ৰতি ৰাইজ আকৃষ্ট হোৱাৰ কথা উল্লেখ কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিঙ ঘাটোৱাৰে ৷ ঘাটোৱাৰে কয় বিজেপিয়ে প্ৰতাৰণা আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে ৷ সমাজ খনক ভাগ ভাগ কৰাৰ নিম্নমানৰ ৰাজনীতি কৰি অসমৰ স্বাৰ্থৰ বিৰুদ্ধে গৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ গৈছে তাৰ প্ৰতি অসমৰ ৰাইজে যথেষ্ট প্ৰতিবাদ কৰিছে ৷Conclusion:এই প্ৰতিবাদৰ ক্ষোভ অহা ২৩ এপ্ৰিলত কংগ্ৰেছৰ প্ৰাৰ্থীক ভোটাধিকাৰ সাব্যস্ত কৰি বিজেপিক প্ৰত্যাখ্যান কৰিব ৷ বৰপেটা আৰু কোকৰাঝাৰ লোকসভাত বিজেপি আৰু ইয়াৰ মিত্ৰজোটৰ প্ৰাৰ্থী শোচনীয়ভাৱে পৰাজিত হব বুলি উল্লেখ কৰি কোকৰাঝাৰৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে ৷ বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰত কংগ্ৰেছেই জয়ী হব বুলি দাবী কৰে ৷ বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে এক লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হব বুলিও কংগ্ৰেছ নেতা ঘাটোৱাৰে কয় ৷
Abdul Khakeque Ahmed
Etv Bharat Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.