ETV Bharat / state

মূল্যবৃদ্ধিয়ে ম্লান কৰিছে ৰমজানৰ উছাহ - জনীয়া

কলগাছিয়াত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ম্লান কৰিছে ৰঙালী বিহুৰ আনন্দৰ লগতে ৰমজানৰ উছাহ ৷ মূল্যবৃদ্ধিৰ ফলত এতিয়া মুৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সৰ্ব সাধাৰণ ৰাইজৰ ৷

Necessary Items High Price market At kalgasia
মূল্যবৃদ্ধিয়ে ম্লান কৰিছে ৰমজানৰ উছাহ
author img

By

Published : Apr 13, 2021, 10:26 PM IST

জনীয়া,13 এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ কলগাছিয়া বজাৰতো এতিয়া হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ ইফালে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু, আনফালে মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দুয়োটা উৎসৱৰে যেন আনন্দ ম্লান কৰা পৰিলক্ষিত হৈছে ৷

মূল্যবৃদ্ধিয়ে ম্লান কৰিছে ৰমজানৰ উছাহ

ইফালে সমগ্র বিশ্বজুৰি ইছলাম ধৰ্মালম্বী লোকসকলৰ বুধবাৰৰ পৰা আৰম্ভ হ’ব পবিত্র ৰমজানৰ ৰোজা । এই পবিত্ৰ ৰমজান মাহ উপলক্ষে বজাৰত ভৰি পৰিছে পাচলি, ফলমূলৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী । বজাৰত খাদ্য সামগ্ৰীসমূহ ভৰি পৰিছে যদিও বৃদ্ধি পাইছে সকলো সামগ্ৰীৰে মূল্য ৷ মূল্যবৃদ্ধিৰ ফলত বজাৰ কৰিবলৈ আহি এতিয়া হাহাকাৰ কৰিবলগা হৈছে সৰ্বসাধাৰণ ৰাইজে ৷ আনহাতে, চৰকাৰৰ যোগান বিভাগৰ তৰফৰ পৰাও কোনো নিয়ন্ত্ৰণ নোহোৱাত মুৰে-কপালে হাত দিবলগীয়া হৈছে ৰাইজ ৷

লগতে পঢ়ক- আমগুৰিৰ বিহু বজাৰত ব্যাপক ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.