ETV Bharat / state

ঐক্য আৰু সম্প্ৰীতিৰ নিৰ্দশন দেখুৱাই বৰপেটাত সংখ্যালঘু লোকসকলে উদযাপন কৰিলে বিহু - celebrate

বিহু অসমীয়া গণ জীৱনৰ সাহ ৷  ৰাজ্যখনৰ থলুৱা জাতি জনগোষ্ঠীৰ দৰেই অসমত বসবাস কৰি অসমী আইকে নিজৰ মাতৃ বুলি আকোৱালি লোৱা পূৰ্ববংগীয় মুলৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মুছলমান লোকসকলেও ৰঙালী বিহু পালন কৰিবলৈ লৈছে ৷

ঐক্য আৰু সম্প্ৰীতিৰ নিৰ্দশন দেখুৱাই বৰপেটাত সংখ্যালঘু লোকসকলে উদযাপন কৰিলে বিহু
author img

By

Published : May 3, 2019, 10:58 AM IST

বৰপেটা 3 মেঃ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিহুৱে সদায় সদ্ভাৱ, সম্প্ৰীতি সাধন কৰি আহিছে ৷ বৰপেটা জিলাৰ বহৰিৰ সমীপৰ মুছলমান বসতি গাঁও হৰিপুৰৰত বৃহস্পতিবাৰে উদযাপন কৰা হয় ৰঙালী বিহু ৷ বিশিষ্ট লেখক ইছমাইল হুছেইনে মুকলি বিহুত বিহুনাম গোৱাৰ লগতে গগণা বজাই বিহুৰ উদ্ধোধনী অনুষ্ঠানক এক নতুন ৰূপ দিয়ে ৷ আনহাতে মুছলমান লোকে উদযাপন কৰা বিহু উৎসৱৰ বতৰা লবলৈ মাজুলীৰ পৰা আহি উপস্থিত হ’ল বিহু বিশেষজ্ঞ ৰাজীৱ বৰা ৷ বৰপেটাৰ হৰিপুৰত উদযাপন কৰা ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতাখনত ভাগ ললে হৰিপুৰ গাঁৱৰ মুছলমান যুৱক যুৱতী সকলেও ৷ হৰিপুৰৰ বাহাৰুল ইছলামৰ পৃষ্ঠপোষকতা আৰু হৰিপুৰ বিহু উদযাপন সমিতিৰ উদ্যাোগত অনুষ্ঠিত বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰে অঞ্চলটোৰ মুছলমান মহিলা, যুৱতীকে ধৰি সকলো লোকে ৷

কিন্তু এই বিহু উদযাপন কৰিবলৈ গৈ উদযাপন সমিতি মুখামুখী হ'বলগীয়া হৈছে একাংশ ধৰ্মীয় নেতাৰ বিৰোধিতাৰ ৷ উদযাপন সমিতিৰ সভাপতি তথা বয়োজ্যেষ্ঠ নাগৰিক মোতালেপ হুছেইন খানে প্ৰকাশ কৰিলে একাংশৰ প্ৰৱল বিৰোধিতাৰ কথা ৷ আনকি হৰিপুৰৰ মুছলমান যুৱক-যুৱতীসকলে বিহু দল গঠন কৰি বিহুৰ আখৰা চলাই থকাৰ মাজতেই একাংশ যুৱতীক বিহু নাচতো বাধা প্ৰদানৰ ঘটনাও সংঘটিত হ’ল ৷ কিন্তু সকলো বাধা অতিক্ৰম কৰি অসমীয়াত্ব ধাৰণ কৰি এই মুছলমান লোকসকলে হৰিপুৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰিলে ৰঙালী বিহু ৷ লগতে এই বিহুৱে ৰাজ্যৰ সমগ্ৰ মুছলমান সমাজখনলৈ দি গ'ল নতুনৰ আৰম্ভণীৰ এক সুন্দৰ বতৰা ৷

Slug:     as_bar_3may_muslim_communitys_bihu_vis1+bite4+photo2_7203841                     
বৰপেটাৰ হৰিপুৰত মুছলমান লোকে উদযাপন কৰিলে ৰঙালী বিহুঃ
একাংশ ধৰ্মীয় মাতব্বৰে দিছে বাধা ৷

বৰপেটা, ৩ মেঃ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিহুৱে সদায় সদ্ভাৱ, সম্প্ৰীতি আৰু সমন্বয় সাধন কৰি আহিছে ৷ সুধাকন্ঠৰ ভাষাত বিহু হ'ল অসমীয়া জাতিৰ আয়ুসৰেখা ৷ বিহু অসমীয়া গণ জীৱনৰ সাহ ৷ ৰাজ্যখনৰ থলুৱা জাতি জনগোষ্ঠীৰ দৰেই অসমত বসবাস কৰি অসমী আইকে নিজৰ মাতৃ বুলি আকোৱালি লোৱা পূৰিববংগীয় মুলৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মুছলমান লোকসকলেও ৰঙালী বিহু পালন কৰিবলৈ লৈছে ৷ বৰপেটা জিলাৰ বহৰিৰ সমীপৰ হৰিপুৰত বৃহস্পতিবাৰে উদযাপন কৰা হয় ৰঙালী বিহু ৷ ঢোল-পেপা-গগনাৰ মাত আৰু বিহুৱা বিহুৱতীৰ ককাল ঘুৰাই নচা বিহু নাচোনত প্ৰাণ পাই উঠে এশ শতাংশই মুছলমান বসতিপ্ৰধান গাও হৰিপুৰ ৷ বিশিষ্ট লেখক ইছমাইল হুছেইনে মুকলি বিহু উদ্বোধন কৰি বিহুনাম গাই, গগনা বজাই বিহুক দিলে ন-ৰূপ ৷ আনহাতে মুছলমান লোকে উদযাপন কৰা বিহু উৎসৱৰ বতৰা লবলৈ মাজুলীৰ পৰা লৱৰি আহিল বিহু বিশেষজ্ঞ ৰাজীৱ বৰা ৷ বৰপেটাৰ হৰিপুৰত উদযাপন কৰা ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতাখনত ভাগ ললে হৰিপুৰ গাৱৰ মুছলমান যুৱক যুৱতীয়েও ৷ হৰিপুৰৰ বাহাৰুল ইছলামৰ পৃষ্ঠপোষকতা আৰু হৰিপুৰ বিহু উদযাপন সমিতিৰ উদ্যােগত অনুষ্ঠিত বিহু অনুষ্ঠানত অংশগ্ৰহন কৰিলে অঞ্চলটোৰ মুছলমান মহিলা, যুৱতীকে ধৰি একাংশ লোক ৷ পিছে হৰিপুৰত বিহু উদযাপন কৰিবলৈ গৈ উদযাপন সমিতি মুখামুখি হবলগীয়া হৈছে একাংশ ধৰ্মীয় নেতাৰ বিৰোধিতাৰ ৷ উদযাপন সমিতিৰ সভাপতি তথা বয়োজ্যেষ্ঠ নাগৰিক মোতালেপ হুছেইন খানে প্ৰকাশ কৰিলে একাংশৰ প্ৰবল বিৰোধিতাৰ কথা ৷ আনকি হৰিপুৰৰ মুছলমান যুৱক-যুৱতীসকলে বিহু দল গঠন কৰি বিহুৰ আখৰা চলাই থকাৰ মাজতেই  একাংশ যুৱতীক বিহু নাচতো বাধা আৰোপৰ ঘটনাও ঘটিল ৷ পিছে বুকুত অসমীয়াত্ব ধাৰন কৰি এই মুছলমানলোক সকলে সকলো প্ৰতিকুলতা আৰু বাধা নেওচি হৰিপুৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰিলে ৰঙালী বিহু ৷ আৰু এই বিহুৱে ৰাজ্যৰ সমগ্ৰ মুছলমান সমাজখনলৈ দি গ'ল নতুনৰ আৰম্ভনিৰ এক বতৰা ৷ এই বতৰাই যেন অনাগত দিনবোৰত আমাৰ মাজলৈ কঢ়িয়াই আনিব ধৰ্মীয় ভেদভাৱহীন এখন বৃহত্তৰ অসমীয়া সমাজৰ সুদিনৰ সম্ভাৱনা ৷ আৰু হৰিপুৰ বিহুৰ মুল ব্যক্তি বাহাৰুল ইছলামে ৰাজ্যৰ সংখ্যালঘু মুছলমান লোকসকলৰ প্ৰতি জনালে এটি আহ্বান- ৰাজ্যৰ প্ৰতিখন মুছলমান গাৱতেই আৰম্ভ হওক ৰঙালী বিহু উদযাপনৰ পৰম্পৰা ৷

বাইটঃ ইছমাইল হুছেইন ৷
বাইটঃ ৰাজীৱ বৰা ৷
বাইটঃ মোতালেপ হুছেইন খান, সভাপতি, বিহু ৷
বাইটঃ বাহাৰুল ইছলাম, সম্পাদক, বিহু ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.