ETV Bharat / state

'কা' বিৰোধিতাৰে বৰপেটাত চিপিআই(এম)ৰ পথ সভা - বৰপেটাৰ মুছলিমপট্টি চকত

বৰপেটাৰ মুছলিমপট্টি চকত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে চিপিআই(এম)ৰ পথ সভা। 'কা' বিৰোধী আন্দোলনত জড়িত হোৱাৰ অভিযোগত কাৰাবন্দী হৈ থকাসকলক মুক্তি দিয়াৰ দাবী জনায় দলটোৱে। ষড়যন্ত্ৰমূলকভাৱে কৃষক নেতা অখিল গগৈ কাৰাৰুদ্ধ কৰি ৰখা কাৰ্যৰ বাবে চৰকাৰক ধিক্কাৰ দিয়ে চিপিআই(এম)ৰ নেতৃত্বই।

কা' বিৰোধিতাৰে বৰপেটাত চিপিআই(এম)ৰ প্ৰতিবাদী পথ সভা

author img

By

Published : Nov 18, 2020, 7:39 PM IST

বৰপেটা ১৯ নৱেম্বৰ: 'কা' বিৰোধিতাৰে বৰপেটাত চিপিআই(এম)ৰ বিক্ষোভ প্ৰদৰ্শন। মুছলিমপট্টি চকত প্ৰতিবাদী পথ সভাৰ আয়োজন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ লগতে 'কা' বিৰোধী আন্দোলনত জড়িত হোৱাৰ অভিযোগত কাৰাবন্দী হৈ থকাসকলক মুক্তি দিয়াৰ দাবী জনায় দলটোৱে। দলটোৰ সদস্য দীপক দাসে কয় যে,আত্মহত্যাৰ গোচৰত অভিযুক্ত সাংবাদিক অৰ্ণৱ গোস্বামীক ৭ দিনৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা অন্তৰ্ৱতীকালীন জামিন মঞ্জুৰ কৰা হৈছে। কিন্তু মাহৰ পিছত মাহ ধৰি অখিল গগৈক ভুৱা গোচৰত বন্দী কৰি ৰখা হৈছে।

কা' বিৰোধিতাৰে বৰপেটাত চিপিআই(এম)ৰ প্ৰতিবাদী পথ সভা
কা' বিৰোধিতাৰে বৰপেটাত চিপিআই(এম)ৰ প্ৰতিবাদী পথ সভা

শাসনাধিষ্ঠ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ফেচীবাদী আখ্যা দি জাতি ধ্বংসী আইনখন বাতিল কৰিবলৈ দাবী জনায়। লগতে দেৱাংগনা কলিতা আৰু 'কা' বিৰোধী আন্দোলনকাৰীসকলক মুক্তি দিয়াৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে। উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰিবলৈ গৈ ৫ জন যুৱক শ্বহীদ হৈছিল আৰু কৃষক নেতা অখিল গগৈ এতিয়া কাৰাবন্দী হৈ আছে। ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে অসমৰ মুখ্যামন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ বিজেপিৰ বহুকেইগৰাকী নেতাই সাংবাদিকগৰাকীৰ মুক্তিৰ বাবেও মাত মাতিছিল। সেই সময়তে অখিল গগৈৰ মুক্তিৰ প্ৰসংগত চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে ক্ষুদ্ধ হৈ পৰে বহু দল-সংগঠন আৰু একাংশ ৰাইজ। এতিয়াও অখিল গগৈৰ মুক্তিৰ দাবীত সময়ে সময়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হয়।

লগতে পঢ়ক:শিৱসাগৰত কা' বিৰোধী সমন্বয় সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.