ETV Bharat / state

বজালীৰ লোক সংস্কৃতিৰ সাধক বসন্ত পাটগিৰিলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন - বজালীৰ লোকগীত লোকসংগীত লোকসংস্কৃতিৰ সাধক

বজালীৰ লোকগীত, লোক সংগীত, লোক সংস্কৃতিৰ সাধক বসন্ত পাটগিৰিলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন ৷ শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

artist-pension-to-a-exponent-of-folk-culture-of-bajali
বজালীৰ লোকসংস্কৃতিৰ সাধক বসন্ত পাটগিৰিলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন
author img

By

Published : Jan 17, 2022, 3:20 PM IST

পাঠশালা, 17 জানুৱাৰী : কলা আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ অসম চৰকাৰে ইতিমধ্যে ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে (State Government's artist pension) ৷ ১৫০ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে বাৰ্ষিক শিল্পী সন্মান । আনহাতে, এইবাৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে প্ৰসিদ্ধ শিল্পী অপৰ্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীলৈ (Silpi award to Arpana Bujarbaruah and Pulak Banerjee) ।

বজালীৰ লোকসংস্কৃতিৰ সাধক বসন্ত পাটগিৰিলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন

উল্লেখ্য যে, বজালী জিলাৰ বামাখাটাৰ লোকশিল্পী বসন্ত পাটগিৰিয়ে লাভ কৰিছে শিল্পী পেঞ্চন (Artist pension to a exponent of folk culture) । ২০২১-২২ বৰ্ষত অসম চৰকাৰে ৫০ গৰাকী শিল্পীলৈ আগবঢ়োৱা শিল্পী পেঞ্চনৰ তালিকাত শিল্পীগৰাকীৰ নাম সন্নিৱিষ্ট হোৱাত উৎফুল্লিত হৈ পৰিছে পাটগিৰি ৷

এই খবৰৰ পিছতেই সমগ্ৰ বজালী জিলাতে এক আনন্দৰ জোঁৱাৰ উঠা পৰিলক্ষিত হৈছে ৷ নিজৰ সৃষ্টিৰাজিৰে জনসাধাৰণৰ মাজত প্ৰতিষ্ঠা লাভ কৰা শিল্পীগৰাকীক চৰকাৰে শিল্পী পেঞ্চনাৰ হিচাপে ঘোষণা কৰাৰ পিছতেই দেওবাৰে শিল্পীগৰাকীক সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷

ইফালে লোকশিল্পী বসন্ত পাটগিৰিয়ে এই সন্মান লাভ কৰাৰ বাবে সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ জীৱনৰ সমষ্ট সৃষ্টিৰাজি আৰু সংগৃহীত সকলো সংস্কৃতি সংগ্ৰহালয়ত সংৰক্ষণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

উল্লেখ্য যে, সোমবাৰে বিয়লি ৪ বজাত গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজন কৰা শিল্পী দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত শিল্পীসকলক বঁটা আৰু সন্মান প্ৰদান কৰা হ'ব । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী ড৹ অপর্ণা বুজৰবৰুৱা আৰু পুলক বেনাৰ্জীক ২০২২ বৰ্ষৰ শিল্পী বঁটাৰে সন্মানিত কৰা হ'ব ।

লগতে পঢ়ক : আকৌ এবাৰ চৰকাৰীভাৱে উপেক্ষিত হ’ল বলাই ওজা; নাপালে শিল্পী পেঞ্চন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.