ETV Bharat / state

Sangeet Natok Academy Award 2022 : শিল্পী গুণীন্দ্ৰ নাথ ওজাৰ চকুত প্ৰাপ্তিৰ চকুলো

author img

By

Published : Nov 26, 2022, 9:27 AM IST

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ঘোষণা কৰে সংগীত নাটক একাডেমী বঁটাৰ বঁটা প্ৰাপকসকলৰ নাম (Sangeet Natok Academy Award 2022) । শুকুৰবাৰে 2019, 2020 আৰু 2021 বৰ্ষৰ বাবে এই বঁটাৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয় । দেশৰ ভিন্ন প্ৰান্তৰ মুঠ 128 গৰাকী শিল্পীৰ ভিতৰত আছে অসমৰ 5গৰাকী শিল্পী ৷ নিৰ্বাচিত হৈছে বৰপেটাৰ বিশিষ্ট বৰগীতৰ শিল্পী গুণীন্দ্ৰ নাথ ওজাও ৷

Sangeet Natok Academy Award 2022
শিল্পী গুণীন্দ্ৰ নাথ ওজাৰ চকুত প্ৰাপ্তিৰ চকুলো

বৰপেটা, 26 নৱেম্বৰ : শুকুৰবাৰে ঘোষণা কৰা হ’ল 2019, 2020 আৰু 2021 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটাৰ বঁটা প্ৰাপকসকলৰ নাম ৷ ভাৰতৰ স্বাধীনতাৰ 75 বছৰীয়া আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে এইবাৰ প্ৰদান কৰিব এই বঁটা (Sangeet Natok Academy Award 2022) ৷

2019, 2020 আৰু 2021 বৰ্ষত সংগীত, নৃত্য, নাট্য, পৰম্পৰাগত/লোক/জনজাতীয় সংগীত/ ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেবাগৰাকীও শিল্পীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ দেশৰ ভিন্ন প্ৰান্তৰ মুঠ 128 গৰাকী শিল্পীৰ ভিতৰত অসমৰ 5 গৰাকী শিল্পীয়েও লাভ কৰিছে এই বিশেষ সন্মান (128 artists will receive the prestigious Akademi Puraskar) ৷

ইয়াৰ ভিতৰত বৰপেটাৰ বিশিষ্ঠ বৰগীতৰ শিল্পী গুণীন্দ্ৰ নাথ ওজাও 2021 বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হৈছে (Artist Gunindra Nath Ojah will receive prestigious Akademi Puraskar 2022) ৷ পৰম্পৰাগত অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ বাবে বৰপেটাৰ গুণীন্দ্ৰ নাথ ওজালৈ আগবঢ়োৱা হৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা সংগীত নাটক অকাডেমী বঁটা । ইফালে এই বাতৰি পোৱাৰ পিচতে সত্ৰনগৰী বৰপেটাত সৃষ্টি হয় আনন্দ উল্লাসৰ ৷

স্বাভাৱিকতে এই বাতৰি লাভ কৰি সত্ৰীয়া সংস্কৃতিৰ সাধনাৰ সৈতে জড়িত গুণীন্দ্ৰ নাথ ওজাও উৎফুল্লিত হৈ পৰিছে ৷ উল্লেখ্য যে, বৰপেটা সত্ৰৰ সেৱায়িত কাৰ্যৰ সৈতে জড়িত আছে শিল্পী গুণীন্দ্ৰ নাথ ওজা ৷ সত্ৰীয়া সংস্কৃতিৰ সাধনাৰ সৈতে জড়িত গুণীন্দ্ৰ নাথ ওজা বৰগীতকে ধৰি সত্ৰীয়া সংগীতৰ এগৰাকী বিশিষ্ঠ শিল্পী হিচাপে পৰিচিত ৷ এইগৰাকী শিল্পীৰ কৰ্মৰাজি তথা তেওঁৰ ব্যক্তিত্ব সকলোৰে বাবে আদৰ্শস্বৰূপ ৷

তথ্য অনুসৰি, একাডেমীৰ সাধাৰণ পৰিষদে পৰিৱেশন কলাৰ 10 গৰাকী বিশিষ্ট ব্যক্তিকো একাডেমী ফেল’ হিচাপে ঘোষণা কৰে । এই বঁটা বিজয়ীসকলে 1 লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে একাডেমীৰ ফেল’সকলেও 3 লাখ টকাকৈ আৰ্থিক অনুদান লাভ কৰিব ৷ লগতে তেওঁলোকে লাভ কৰিব একোখনকৈ তাম্ৰপাত্ৰ আৰু অংগবস্ত্ৰো ।

উল্লেখ্য যে, আনুষ্ঠানিকভাৱে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰতিগৰাকী শিল্পীক প্ৰদান কৰিব এই বঁটা ৷

লগতে পঢ়ক : Sangeet Natok Academy Award 2022: অসমৰ কেইবাগৰাকীও শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.