ETV Bharat / state

কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ - কলগাছিয়াত কৃত্ৰিম বান

এজাক বৰষুণতে সৃষ্টি হোৱা কৃত্ৰিম বানে কলগাছিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ নলা নিৰ্মাণ নকৰাৰ বাবেই কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

artificial flood in kalgachiga
কলগাছিয়াত কৃত্ৰিম বানপানীৰ তাণ্ডৱ
author img

By

Published : Jun 1, 2021, 10:44 PM IST

জনীয়া, 1 জুন : জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ ৷ এজাক বৰষুণতে কলগাছিয়া বজাৰত একাঁঠু পানী হোৱাত ৰাইজে নৰক যন্ত্ৰনা ভুগিব লগা হৈছে ৷ এজাক বৰষুণ আহিলেই একাঁঠু পানী হোৱাত দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে নৰক যন্ত্ৰণা ভুগি আছে।

কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ

উল্লেখ্য যে, বৰষুণ আহিলেই দোকানীসকলৰ ব্যৱসায়- বাণিজ্য একেবাৰে বন্ধ হৈ পৰে ৷ যাৰ ফলত পথটোৰ দুয়োপাৰে থকা দোকানীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় লোকৰ অভিযোগ অনুসৰি, বজাৰখনত পানী যোৱাৰ বাবে নলা নিৰ্মাণ নকৰাৰ বাবেই কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে ৷ সেয়েহে, বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামক অতি সোনকালে ৰাস্তাৰ দুয়োকাষে নলা নিৰ্মাণ কৰি পানী উলিয়াই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় ৰাইজে আহ্বান জনাইছে ৷

লগতে পঢ়ক: ক'ভিড-১৯: আইনী কাম-কাজ বন্ধৰ বাবে আৰ্থিক সংকটত অধিবক্তা, ভেণ্ডৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.