ETV Bharat / state

কংগ্ৰেছ-এ আই ইউ ডি এফৰ গোপন মিতিৰালি !!

বৰপেটাত কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী ? তাক লৈ চলিছে জল্পনা-কল্পনা

author img

By

Published : Mar 26, 2019, 3:59 PM IST

Updated : Mar 26, 2019, 6:42 PM IST

কোন হ'ব বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ?

বৰপেটা, 26 মাৰ্চঃবৰপেটা, ধুবুৰী আৰু কৰিমগঞ্জৰ বাহিৰে আন সমষ্টিত এ আই ডি ইউ এফ প্ৰধান বদৰুদ্দিন আজমলে প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাচতেই স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে গোপন বুজাবুজিত আৱদ্ধ হৈছে নেকি কংগ্ৰেছ- এ আই ডি ইউ এফ দল ৷ কংগ্ৰেছ- এ আই ডি ইউ এফৰ মাজৰ এই গোপন মিত্ৰতাৰ চৰ্চা হৈ থকাৰ সময়তে বৰপেটাত কাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব তাক লৈ জিলা কংগ্ৰেছৰ মাজত সৃষ্টি হৈছে ব্যাপক জল্পনা-কল্পনাৰ ৷

কোন হ'ব বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ?

ইপিনে বৰপেটাত শক্তিশালী কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদানৰ দাবী বৰপেটা জিলা কংগ্ৰেছৰ ৷ বৰপেটাত বলিছে কংগ্ৰেছৰ সপক্ষে বতাহ সেয়েহে বৰপেটাত জিলা কংগ্ৰেছক লাগে জয়ৰ সম্ভাৱনা থকা শক্তিশালী প্ৰাৰ্থী ৷ জিলা কংগ্ৰেছৰ আশা, হাইকমাণ্ডে গুৰুত্ব প্ৰদান কৰিব তৃণমূল কৰ্মীৰ দাবীক ৷যদিহে জিলা কংগ্ৰেছৰ দাবীৰ বিপৰীতে বৰপেটাত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে কংগ্ৰেছৰ মাজতে অন্তঃকন্দলৰ সৃষ্টি হোৱাটো নিশ্চিত হৈ পৰিছে ৷

Slug:     A_BAR_26MAR_801TO802_BARPETA_DIST_CONG_DEMAND_STRONG_CANDIDAT_VIS+BITE_BAPKAN_DAS                   ইউডিএফৰে গোপন মিত্ৰতা কৰি বৰপেটাত কংগ্ৰেছে দিব নেকি দূৰ্বল প্ৰাৰ্থীঃ 
জিলা কংগ্ৰেছ এতিয়াও আকোৰগোজ, বৰপেটাত দিয়ক শক্তিশালী কংগ্ৰেছ প্ৰাৰ্থী ৷

বৰপেটা, ২৬ মাৰ্চঃ কলিয়াবৰত বদৰুদ্দিন আজমলে নিদিলে ইউডিএফৰ প্ৰাৰ্থী ৷ আনকি বৰপেটা, ধুবুৰী আৰু কৰিমগঞ্জৰ বাহিৰে আন সমষ্টিত আজমলে নিদিয়ে দলীয় প্ৰাৰ্থী ৷ স্বাভাৱিকতে প্ৰশ্ন উঠিছে, কংগ্ৰেছৰে গোপন মিত্ৰতাত আৱদ্ধ হ'ল নেকি বদৰপদ্দিন আজমল ৷ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ দৃঢ় হৈছে কংগ্ৰেছ--আজমলৰ গোপন মিত্ৰতাৰ প্ৰসংগ ৷ বৰপেটাত ইউডিএফৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ স্বাৰ্থত কংগ্ৰেছে দিব নেকি দূৰ্বল প্ৰাথী!!! এই লৈ বৰপেটাত চলিছে ব্যাপক চৰ্চা ৷ ইউডিএফৰ সৈতে কংগ্ৰেছৰ গোপন বুজাবুজি হোৱাৰ কথাটো মানি লব পৰা নাই বৰপেটা জিলা কংগ্ৰেছে ৷  বৰপেটা জিলা কংগ্ৰেছৰ এটাই দাবী, বৰপেটাত প্ৰাৰ্থীত্ব দিয়ক এগৰাকী শক্তিশালী প্ৰাৰ্থীক ৷ বিগত পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হৈ পৰিছে  ইউডিএফ ৷ যাৰ বাবেই বৰপেটা সমষ্টি এৰি ছত্ৰভংগ দিছে ইউডিএফৰ সাংসদ চিৰাজউদ্দিন আজমলে ৷ হাইকামাণ্ডৰ প্ৰতি বৰপেটা জিলা কংগ্ৰেছৰ দাবী-- বৰপেটা সমষ্টিত কংগ্ৰেছে  এগৰীকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰক ৷ আজিৰ তাৰিখত বৰপেটাত বলিছে কংগ্ৰেছৰ সপক্ষে বতাহ ৷ সেয়ে বৰপেটা জিলা কংগ্ৰেছক লাগে জয়ৰ সম্ভাৱনা থকা শক্তিশালী প্ৰাৰ্থী ৷ জিলা কংগ্ৰেছ নেতৃত্বই ইয়াকো কলে, ৩৪ জনীয়া প্ৰাৰ্থী তালিকাৰ ১ নম্বৰত জনীয়াৰ বিধায়ক আব্দুল খালেক আৰু ২ নম্বৰত আছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ নাম ৷ জিলা কংগ্ৰেছৰ আশা,  হাইকমাণ্ডে গুৰুত্ব দিব তৃণমুল কৰ্মীৰ দাবীক ৷ ইপিনে জিলা কংগ্ৰেছৰ দাবীৰ বিপৰীতে যদিহে বৰপেটাত প্ৰক্ষেপ কৰা হযয় দূৰ্বল প্ৰাৰ্থী, তেন্তে বৰপেটাত ঘটিব কংগ্ৰেছৰ মাজত মহা বিস্ফোৰন ৷

বাইটঃ ৰুস্তম আলী, সাধাৰন সম্পাদক, বৰপেটা জিলা কংগ্ৰেছ ৷
---- বাপকন দাস, বৰপেটা     
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
Last Updated : Mar 26, 2019, 6:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.