ETV Bharat / state

পঞ্চায়ত সভানেত্ৰী ফৰিদা পাৰবীনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jul 4, 2021, 2:02 PM IST

পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীনৰ বিৰুদ্ধে পূৰ্বতেও দুৰ্নীতিৰ বহুকেইটা অভিযোগ উত্থাপন হৈছিল ৷ কেৱল ধন আত্মসাৎ কৰাই নহয়, নিজৰ খেয়ালখুচি মতে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । এক প্ৰকাৰে অঞ্চলবাসী ৰাইজ খৰ্গগ্ৰস্ত হৈ পৰিছে ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 61 নং লাচাংগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীনৰ বিৰুদ্ধে ৷

allegations-of-corruption-against-panchayat-president
ফৰিদা পাৰবিনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

জনীয়া, 4 জুলাই : দুৰ্নীতিমুক্ত অসমৰ কথা কৈ থকা চৰকাৰৰ দিনতেই এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছে ৷ এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে কলগাছিয়াত ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, কলগাছিয়াৰ কাউৰজাহীত ৰিং বান্ধ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷

কলগাছিয়াৰ কাউৰজাহীত ৰিং বান্ধ নিৰ্মাণত বিয়াগোম দুৰ্নীতিৰ আশ্ৰয় লৈছে ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 61 নং লাচাংগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীনে ৷ বেকী নদীৰ বান-খহনীয়া প্ৰতিৰোধৰ নামত ধন আত্মসাৎ আৰু আঁচনিৰ যাৱতীয় বাজেট অপচয় কৰিছে পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে । পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীনেৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷

পঞ্চায়ত সভানেত্ৰী ফৰিদা পাৰবীনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে, ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 61 নং লাচাংগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীনে স্বামী ৰাছিদুল ইছলাম আৰু প্ৰাক্তন জিলা পৰিষদ সদস্য ৰেহেনা খাতুনৰ সহযোগত চৰকাৰী ধন আত্মসাৎ কৰিছিল ৷ কেৱল ধন আত্মসাৎ কৰাই নহয় নিজৰ খেয়ালখুচি মতে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । এক প্ৰকাৰে অঞ্চলবাসী ৰাইজ খৰ্গগ্ৰস্ত হৈ পৰিছে ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 61 নং লাচাংগা গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰবীনৰ বিৰুদ্ধে ৷

স্থানীয় ৰাইজে মন্তব্য কৰা অনুসৰি, বাৰিষাৰ প্ৰাকক্ষণত প্ৰতিনিধি গৰাকীয়ে ইছোব বজাৰৰ পৰা হজৰত আলীৰ বাসগৃহলৈ ৰিং বান্ধৰ নামত আঁচনি অনুমোদন লাভ কৰিছিল ৷ কিন্তু ৰিং বান্ধ নিৰ্মাণৰ বিপৰীতে অহা চৰকাৰী ধন আত্মসাৎ কৰাৰহে এক পৰিকল্পনা কৰিছিল ৷ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷

প্ৰায় 18 লাখ 11 হাজাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰিংবান্ধটো নিৰ্মান কাৰ্য সম্পূৰ্ণ নোহোৱাৰ ফলত নদীৰ খহনীয়াত উছন হৈছে নিৰ্মাণৰ কিছু অংশ ৷ যাৰ ফলত অপচয় হৈছে চৰকাৰী আঁচনিটোৰ যাৱতীয় ধন আৰু প্ৰায় পোন্ধৰটা পৰিয়ালৰ ঘৰ-দুৱাৰ জাহ গৈছে বেকী নদীৰ বুকুত । সেয়ে অঞ্চলবাসী ৰাইজে এই কামৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷

লগতে পঢ়ক: উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল'ব পুস্কৰ সিং ধামিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.