ETV Bharat / state

Negligence of duty of school head: দুপৰীয়া ১২ বজাতেই তলা ওলমে এখন বিদ্যালয়ত - ১২৫৫ নং দক্ষিণ বৰভিঠা প্ৰাথমিক বিদ্যালয়

১২৫৫ নং দক্ষিণ বৰভিঠা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ব্যাপক দুৰ্নীতি আৰু অনিয়ম । প্ৰধান শিক্ষকে কৰ্তব্যত ফাঁকি দি আগতীয়াকৈ দিয়ে বিদ্যালয় ছুটি । বিদ্যালয়ৰ গেটত তলা ওলমাই ঘৰমুৱা হোৱাৰ অভিযোগ।

1255 South Borvitha Primary School
বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কৰ্তব্যত ফাঁকি
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 7:37 PM IST

বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কৰ্তব্যত ফাঁকি

জনীয়া, ২৫ আগষ্ট : আছে গৰু নাবায় হাল । এই আপ্ত বাক্যশাৰীৰ দৰে পৰিণত হৈছে বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ড। জিলাখনৰ ১২৫৫ নং দক্ষিণ বৰভিঠা প্ৰাথমিক বিদ্যালয়ত চলি থকা অৰাজকতাই ৰাইজৰ চকু কপালত তুলিছে । কিয়নো আজি চৰকাৰী বন্ধ নথকা সত্ত্বেও বিদ্যালয়খনত ১২:৩০ বজাৰ পিছতো ওলমি আছে তলা । অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা প্ৰদৰ্শন কৰাৰ সময়তে প্ৰধান শিক্ষক আবু নিছাৰ সঘনাই নিজ কৰ্তব্যত গাফিলতি কৰি বিদ্যালয় বহু সময় আগতীয়াকৈ ছুটি দিয়ে । এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ।

স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি,বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত ১২৫৫ নং দক্ষিণ বৰভিঠা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিজ কৰ্তব্যক ফাঁকি দি ১২.৩০ বজাত বিদ্যালয় ছুটি দি ঘৰলৈ গুচি যায় । কেৱল এইখিনিতে ক্ষেন্ত নাথাকি প্ৰধান শিক্ষক আবু নিছাৰে গঢ়িছে দুৰ্নীতিৰ পাহাৰ । ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি পাঠদান তথা সকলো ক্ষেত্ৰতে অৱহেলা কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰত ঠেলি দি আছে বুলি অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে।

লগতে পঢ়ক:Massive Erosion at Jonai: পবা বনাঞ্চলত ভয়াৱহ খহনীয়া; জাহ যোৱাৰ উপক্ৰম লেকু খণ্ডৰ শ শ হেক্টৰ মাটি

ৰাইজে এইবিষয়ে প্ৰধান শিক্ষকজনক প্ৰশ্ন কৰাত ৰাইজক ওলোটা ধমক দিয়ে যি কৰিব পাৰে তাকে কৰিবলৈ কয় । ৰাইজে অভিযোগ কৰা অনুসৰি কাকো কেৰেপ নকৰে এইজন প্ৰধান শিক্ষকে । সেয়ে ক্ষুব্ধ ৰাইজে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ লগতে শিক্ষামন্ত্ৰীক আহ্বান জনাইছে । এতিয়া প্ৰশ্ন হয় বিভাগীয় কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিব পাৰিব নে এনে শিক্ষকক ? নে পৰবৰ্তী সময়ত এনেদৰে অনিয়ম আৰু দুৰ্নীতি কৰিয়েই যাব ।

লগতে পঢ়ক:Flood and Erosion in Assam : আই নদীয়ে সৃষ্টি কৰিছে বৃহৎ প্ৰত্যাহ্বানৰ, চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাত ক্ষুব্ধ ভুক্তভোগী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.