ETV Bharat / state

পাঁচগৰাকীকৈ শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰিলে যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে

author img

By

Published : Dec 11, 2020, 7:49 PM IST

এটা বছৰ সম্পূৰ্ণ হ'ল কা আন্দোলনৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল সমগ্ৰ অসমে ৷ আন্দোলন ৰুধিবলৈ চৰকাৰে ব্যৱহাৰ কৰা সেনা বাহিনীৰ গুলীত প্ৰাণ হেৰুৱাইছিল পাঁচজনকৈ অসমীয়া যুৱকে ৷ বৃহস্পতিবাৰে পাঁচগৰাকীকৈ শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰিলে যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে ৷

ajycp-protest-at-pathsala
পাঁচগৰাকীকৈ শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰিলে যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে

পাঠশালা, 11 ডিচেম্বৰ: ৰাজ্যত কা আন্দোলনৰ এটা বছৰ সম্পূৰ্ণ হ'ল ৷ 2019 চনৰ আজি দিনটোতে সংসদত উত্থাপিত নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 ৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল সমগ্ৰ অসমে ৷ নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল সাধাৰণ জনতা ৷ আকাশ বতাহ কপাঁই তুলিছিল অসমৰ জনসাধাৰণে ৷ নেতৃত্ববিহীন ভাৱে ছাত্ৰ সমাজেও ওলাই আহি ঘেৰাও কৰিছিল দিছপুৰ ৷ অধিক তীব্ৰতৰ হৈ পৰিছিল কা আন্দোলন ৷

আন্দোলন ৰুধিবলৈ চৰকাৰে ব্যৱহাৰ কৰিছিল সেনা বাহিনী ৷ সেনা বাহিনীৰ গুলীত প্ৰাণ গৈছিল পাঁচজনকৈ অসমীয়া যুৱকৰ ৷ বৃহস্পতিবাৰে পাঠশালাত পাঁচগৰাকীকৈ শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰিলে যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে ৷ 'কা আমি নামানো', ' শ্বহীদৰ তেজ অথলে যাব দিয়া নহ'ব', 'ইনক্লাব জিন্দাবাদ' আদি শ্ল'গানেৰে শুকুৰবাৰে উত্তাল কৰি তোলে পাঠশালাৰ ৰাজপথ ৷ ইফালে কা আন্দোলনত অংশ লোৱাৰ বাবে কাৰাৰুদ্ধ কৰি ৰখা অখিল গগৈক মুক্তিৰ দাবী জনাই AJYCP য়ে ৷

উল্লেখ্য যে, পাঠশালাৰ ৰাজপথত প্ৰতিবাদী সমদললৈ ওলাই আহিল বজালীৰ শ্বহীদ আব্দুল আলিমৰ পিতৃ আৰু ভগ্নীও ৷ পুনৰ কা বিৰোধী স্থিতিত উত্তাল পাঠশালাৰ ৰাজপথ ৷ পুনৰ কা বিৰোধী আন্দোলন তীব্ৰতৰ হ'ব বুলিও জনাই যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে ৷

লগতে পঢ়ক: কা বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.