ETV Bharat / state

চেঙাত এআইইউডিএফ আৰু কংগ্ৰেছত খহনীয়া - মিত্ৰদলৰ অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইন

চেঙা সমষ্টিত এআইইউডিএফ আৰু কংগ্ৰেছ দলত খহনীয়া অব্যাহত ৷ পাঁচ শতাধিক এআইইউডিএফ আৰু কংগ্ৰেছৰ কৰ্মী-সমৰ্থকৰ অগপত যোগদান ৷ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী, এআইইউডিএফ দলৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনক ক্ষুৰধাৰ সমালোচনা অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনৰ ৷

চেঙাত এআইইউডিএফ আৰু কংগ্ৰেছত খহনীয়া
চেঙাত এআইইউডিএফ আৰু কংগ্ৰেছত খহনীয়া
author img

By

Published : Mar 22, 2021, 1:31 PM IST

বৰপেটা ২২ মাৰ্চ: চেঙা সমষ্টিত এআইইউডিএফ আৰু কংগ্ৰেছ দলত অব্যাহত আছে খহনীয়া । দেওবাৰে নিশা পাঁচ শতাধিক এআইইউডিএফ আৰু কংগ্ৰেছৰ কৰ্মী-সমৰ্থকে অগপত যোগদান কৰে । দেওবাৰে নিশা চেঙা সমষ্টিৰ কাকধোৱাত অনুষ্ঠিত এখন যোগদান সভাত এআইইউডিএফ দলৰ চাৰি শতাধিক আৰু কংগ্ৰেছৰ শতাধিক কৰ্মী-সমৰ্থকে অগপত যোগদান কৰে । অগপ দলত যোগদান কৰা লোকসকলক চেঙা সমষ্টিৰ মিত্ৰদলৰ অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে অগপৰ দলীয় গলবস্ত্ৰ পিন্ধাই দললৈ আদৰণী জনায় ।

চেঙাত এআইইউডিএফ আৰু কংগ্ৰেছত খহনীয়া
চেঙাত এআইইউডিএফ আৰু কংগ্ৰেছত খহনীয়া

যোগদান সভাখনত অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদ আৰু এআইইউডিএফ দলৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনক ক্ষুৰধাৰ সমালোচনা কৰে । এআইইউডিএফ দলৰ প্ৰাৰ্থিত্ব লাভ কৰা আশ্ৰাফুল হুছেইনে মিঞা কবিতা লিখি সংখ্যালঘু লোকসকলক সাধাৰণ লোকৰ দৃষ্টিত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে ।

লগতে পঢ়কঃবিহালী বাঘমাৰীত কংগ্ৰেছ মহাজোঁটৰ অধিকাৰ সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.