ETV Bharat / state

জনীয়াত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদী জনসভা - ৩ খন কৃষি আইন বাতিলৰ দাবী

জনীয়াত নিখিল ভাৰত কৃষক সভাৰ ৰূপসী আঞ্চলিকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ । কৃষকৰ স্বাৰ্থ বিৰোধী ৩ খন কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী জনসভাৰ আয়োজন ।

জনীয়াত কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী জনসভা

author img

By

Published : Dec 30, 2020, 8:11 PM IST

জনীয়া, ৩০ ডিচেম্বৰ: কেন্দ্ৰীয় চৰকাৰে সংশোধিত আৰু প্ৰণিত কৰা ৩ খনকৈ কৃষি আইন বাতিলৰ দাবীত বৰপেটাৰ জনীয়াত প্ৰতিবাদী জনসভাৰ আয়োজন কৰিলে নিখিল ভাৰত কৃষক সভাৰ ৰূপসী আঞ্চলিকে । বুধবাৰে জনীয়াৰ খৰিচলা বজাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । প্ৰতিবাদী জনসভাৰ সভাপতিত্ব কৰে ৰূপসী আঞ্চলিক কৃষক সভাৰ সভাপতি সৰ্বানন্দ বৰ্মনে । দিল্লীত অব্যাহত থকা কৃষক আন্দোলনৰ সমৰ্থনত এই জনসভা অনুষ্ঠিত কৰা হয় ।

প্ৰতিবাদী জনসভাত নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সম্পাদক টিকেন দাস, বৰপেটা জিলা সম্পাদক আজিজুৰ ৰহমান, ৰাজ্যিক সদস্য শ্বেইখ আমজাদ হুছেইন, কৃষক সভাৰ জিলা পৰিষদৰ সদস্য শ্বাহজাহান আলী, কলগাছিয়া আঞ্চলিক কমিটীৰ সম্পাদক চান মামুদ আহমেদ উপস্থিত থাকে । উল্লেখ্য যে, যোৱা ২৬ নৱেম্বৰৰ পৰা দিল্লী সীমান্তৰ কেইবাটাও স্থানত ৩ খনকৈ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে পঞ্জাৱ, হাৰিয়ানাকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে ।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰী আৰু গৃহমন্ত্ৰীৰে কৃষক ইউনিয়নৰ নেতা বৈঠকত মিলিত হোৱাৰ পিছতো কৃষকৰ সমস্যাৰ সমাধান ওলোৱা নাই । উপায়হীন হৈ হাঁড় কঁপোৱা জাৰতো দিল্লী সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে । এই কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন আগবঢ়াই অসমতো কৃষক সংগঠনৰ লগতে আন বহু সংগঠন, ৰাজনৈতিক দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কৃষি আইনৰ বিৰোধিতা কৰিছে ।

লগতে পঢ়ক:ধেমাজিত ৰাইজৰ দলৰ জিলা সমিতি গঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.