ETV Bharat / state

কাঠৰ চোৰাং সৰবৰাহ বন্ধৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ বৰপেটা আছুৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত গঢ়ি উঠিছে কাঠৰ চিণ্ডিকেট । বন বিভাগৰ চকুৰ সন্মুখতে চোৰাং কাঠৰ সৰবৰাহ অব্যাহত আছে । এই চিণ্ডিকেটৰাজ বন্ধৰ দাবীত আছুৱে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ ।

AASU demand
কাঠৰ চোৰাং সৰবৰাহ বন্ধৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ বৰপেটা আছুৰ
author img

By

Published : Aug 27, 2021, 6:18 PM IST

বৰপেটা,২৭ আগষ্ট: বনাঞ্চল ধ্বংস আৰু কাঠৰ চোৰাং বেহা অসমত দীৰ্ঘ দিন ধৰি চলি আহিছে । বন বিভাগৰ (Forest Department) চকুৰ সন্মুখতে একাংশ দুষ্টচক্ৰই বনাঞ্চল ধ্বংস কৰাৰ লগতে কাঠৰ চোৰাং সৰবৰাহৰ লগত জড়িত হৈ আহিছে । আনকি বহু সময়ত প্ৰশাসন তথা বন বিভাগৰ লোকক মেনেজ কৰি এই ধৰণৰ অপৰাধ কৰাৰো অভিযোগ উত্থাপন হোৱা দেখা যায় ।

অৱশ্যে তাৰ মাজতো ৰাজ্যৰ ভিন্ন প্ৰান্তত কাঠৰ চোৰাং সৰবৰাহকলৈ সষ্টম হোৱা দেখা যায় বন বিভাগক । সময়ে সময়ে বন বিভাগে চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযানো চলাই আহিছে । অসমৰ বাকী জিলাসমূহৰ লগতে বৰপেটাৰ ভিন্ন প্ৰান্ততো অব্যাহত আছে কাঠৰ চোৰাং বেহা ।

লক্ষণীয়ভাৱে মেঘালয়কে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন স্থানৰ পৰা বৰপেটালৈ অবৈধভাৱে কাঠ সৰবৰাহ কৰা হয় । বিশেষকৈ বৰপেটা জিলাৰ বহৰিত কাঠৰ চিণ্ডিকেটৰ (Wooden Syndicate) মূল ঘাটি পাতি লোৱাৰ অভিযোগ বৰপেটা জিলা ছাত্ৰ সন্থাৰ । ইফালে একাংশ অসাধু ব্যৱসায়ীয়ে গঢ়ি তোলা চোৰাং কাঠৰ চিণ্ডিকেটৰ ফলত প্ৰকৃত দামতকৈ অধিক দামত কাঠ ক্ৰয় কৰিব লগা হৈছে গ্ৰাহকে । ফলত সৰ্বস্বান্ত হৈ পৰিছে সাধাৰণ লোক ৷

সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Student Union) অভিযোগ আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি মেঘালয়ৰ পৰা অহা কাঠ ভর্তি ট্ৰাকৰ মালিক আৰু চিণ্ডিকেটৰ নায়কসকলে চৰকাৰক দিব লগা কৰ আৰু অন্যান্য মাচুলসমূহ নিদিয়াৰ ফলত চৰকাৰে কোটি কোটি টকাৰ চৰকাৰী ৰাজহৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে । সেয়ে এনে চিণ্ডিকেটৰাজ বন্ধৰ দাবী তুলিছে বৰপেটা জিলা ছাত্ৰ সন্থাই । বৰপেটাত চলি থকা কাঠৰ চিণ্ডিকেটৰাজ বন্ধৰ দাবীত উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ (Himanta Biswa Sarma) স্মাৰকপত্ৰও প্ৰেৰণ কৰে বৰপেটা জিলা ছাত্ৰ সন্থাই ।

লগতে পঢ়ক :ডিগবৈ চাৰিআলি বজাৰত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.