ETV Bharat / state

বৰপেটাৰোডৰ মহিলা নিৰ্যাতন কাণ্ডৰ অভিযুক্ত আৰক্ষীৰ শাস্তিৰ দাবীত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Sep 21, 2019, 8:42 PM IST

বৰপেটাৰোডৰ নিচুকাত মহিলাক প্ৰহাৰ কৰা কাণ্ডত অভিযুক্ত কয়লাময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ অভিযুক্ত আৰক্ষী বিষয়াগৰাকীক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন শ্লগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে শতাধিক আমছু কৰ্মীয়ে ৷

মহিলা নিৰ্যাতন কাণ্ডৰ বিৰুদ্ধে সৰৱ আমছু

বৰপেটাৰোড, 21 ছেপ্টেম্বৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত শনিবাৰে উত্তৰ বৰপেটাৰোডত অনুষ্ঠিত হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৱে কিছুদিন পূৰ্বে বৰপেটাৰোডৰ নিচুকাত গৰ্ভৱতী মহিলাক চিৰাং জিলাৰ কয়লাময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ চৌধুৰীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে আৰক্ষী বিষয়াগৰাকীৰ নিৰ্মম প্ৰহাৰত দুই মাহ ধৰি অন্তঃসত্বা মহিলাগৰাকীৰ দুৰ্ভাগ্যজনকভাৱে গৰ্ভপাত হৈছিল ৷ প্ৰতিবাদস্থলীত বৰপেটা জিলা আমছুৰ সভাপতি নজৰুল ইছলামে সমগ্ৰ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয় যে দেশৰ প্ৰধানমন্ত্ৰীয়ে "বেটি বচাও বেটি পঢ়াও" শ্লগান আওৰাই থকাৰ সময়তেই মহিলাৰ ওপৰত আৰক্ষীৰ এনেধৰণৰ আসুৰিকতা প্ৰদৰ্শন অতি নিন্দনীয় ৷ সভাপতিগৰাকীয়ে উচ্চ পৰ্যায়ৰ তদন্ত কৰি মহিলাগৰাকীৰ নিৰ্যাতন কাণ্ডত জড়িত দোষী আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী কৰাৰ লগতে নিৰ্যাতিত মহিলাগৰাকীক উপযুক্ত চিকিৎসা আৰু পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰো দাবী তোলে ৷ আনহাতে প্ৰতিবাদস্থলীত শতাধিক আমছু কৰ্মীয়ে আৰক্ষী তথা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান প্ৰদানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷

Intro:বৰপেটাৰোড ২১ চেপ্তেম্বৰ- ৰপেটাৰোডৰ নিচুকাত নিৰীহ মহিলাক চিৰাং জিলাৰ কয়লাময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ চৌধুৰীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে আমছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷Body:বৰপেটা জিলা আমছুৰ উদ্যোগত শনিবাৰে উত্তৰ বৰপেটাৰোডত অনুষ্ঠিত কৰা এক প্ৰতিবাদী সভাত অসম চৰকাৰ হায় হায় অসম পুলিচ হায় হায় কয়লাময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ চৌধুৰী মুৰ্দাবাদ আৰক্ষী বিষয়া বিনোদ চৌধুৰীক শাস্তি দিয়ক বিনোদ চৌধুৰীক গ্ৰেপ্তাৰ কৰক মহিলাৰ ওপৰত অসম পুলিচৰ বৰ্বৰ অত্যাচাৰ সহ্য কৰা নহব আমছু জিন্দাবাদ আদি শ্লোগান দি উত্তাল কৰি তোলে ৷
প্ৰতিবাদস্হলীত বৰপেটা জিলা আমছুৰ সভাপতি নজৰুল ইছলামে কয় যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটি বচাও বেটি পঢ়াও যি শ্লোগান দিছে সেই সময়তে অসম চৰকাৰৰ আৰক্ষীয়ে মুল আচামীৰ পৰিৱৰ্তে আচামীৰ পৰিয়ালৰ মহিলাক লাঠিৰে প্ৰহাৰ কৰি ভৰিৰ জোতাৰে ঘোৰ মাৰি দুই মাহৰ অন্ত:সত্বা থকা মহিলাক গৰ্ভপাত কৰা ভ্ৰূণ হত্যাকাৰী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰাৰ লগতে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে ৷Conclusion:নিৰীহ মহিলাক বৰ্বৰভাৱে নিৰ্যাতন কৰাত উক্ত নিৰ্যাতিত পৰিয়ালক উপযুক্ত সাহায্য প্ৰদান কৰাৰ লগতে প্ৰসব বেদনাত চিকিৎসালয়ত চটফটাই থকা মহিলা গৰাকীক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ দাবী জনাই বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৷ আমছুৰ এই দাবীৰ প্ৰতি যদি চৰকাৰে গুৰুত্ব প্ৰদান নকৰে অসম চৰকাৰৰ গৃহ বিভাগক সকীয়াই দি আমছু নেতা গৰাকীয়ে কয় বৰ্তমানলৈকে আমছুৱে শান্তিপূৰ্ণ আন্দোলন কৰি আছে অনাগত দিনত আমছুৱে অশান্তময় পৰিবেশ সৃষ্টি কৰিব পৰা আন্দোলনৰ কাৰ্যসূচী হাতত লব আৰু তাৰবাবে জগৰীয়া হব অসম চৰকাৰ অসম চৰকাৰৰ গৃহ বিভাগ আৰু বৰপেটা -চিৰাং আৰক্ষী ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
Date 21.09.19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.