ETV Bharat / state

Assamese youth joining ULFA I: আলফাত যোগদানৰ বাবে যোৱা বৰপেটাৰ এজন যুৱকক আটক - social media post supporting ULFA I

শেহতীয়াকৈ প্ৰায় প্ৰতিদিনেই আলফা (স্বাঃ) লৈ ধাৱমান হৈছে অসমীয়া যুৱক (Assamese youth joining ULFA I) । এইবাৰ বৰপেটা আৰক্ষীৰ জালত পৰিছে আলফাত যোগদানৰ বাবে প্ৰস্তুতি চলাই থকা এজন যুৱক ৷ আটকাধীন যুৱকজনৰ নাম মিংকুল আলী ৷

Assamese youth joining ULFA I
আলফাত যোগদানৰ বাবে যোৱা বৰপেটাৰ এজন যুৱকক আটক
author img

By

Published : Apr 10, 2022, 10:17 PM IST

বৰপেটা, ১০ এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত অসমৰ বহু যুৱক-যুৱতী আলফা স্বাধীনত যোগদান কৰাৰ বহু তথ্য পোহৰলৈ আহিছিল (Assamese youth joining ULFA I) ৷ শেহতীয়াকৈ নামনি আৰু উজনি অসমৰ মুঠ ৫ জনকৈ যুৱক ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত উপস্থিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল বিগত মাৰ্চ মাহত । ইয়াৰ মাজতে পোহৰলৈ আহিছে অন্য এক তথ্য ৷

আলফাত যোগদানৰ বাবে যোৱা বৰপেটাৰ এজন যুৱকক আটক

বৰপেটাত আৰক্ষীৰ জালত পৰিছে এজন যুৱক ৷ আলফাত যোগদানৰ বাবে প্ৰস্তুতি চলাই থকাৰ মাজতে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যুৱকজনক (police arrests youth preparing to join ULFA I) ৷ আলফাত যোগদানৰ প্ৰস্তুতি চলাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা যুৱকজন বৰপেটাৰ সৰ্থেবাৰীৰ মিংকুল আলী(22) বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, সৰ্থেবাৰীৰ বৰখলা গাঁৱৰ মিংকুল আলী মুকুট আলীৰ পুত্ৰ ৷

লগতে পঢ়ক : Ulfa Cadre Arrested : আলফা নেত্ৰী লেঃ মিতু অসমক গ্ৰেপ্তাৰ

ইপিনে, বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই উল্লেখ কৰা অনুসৰি সামাজিক মাধ্যমৰ ওপৰত অধিক নজৰ ৰাখিছে আৰক্ষীয়ে ৷ পূৰ্বে সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত পোষ্ট (social media post supporting ULFA I) দিয়া সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ পৰা বিৰত আছিল, যদিও বৰ্তমান এই ক্ষেত্ৰত কিছু কঠোৰ হৈছে আৰক্ষী তথা প্ৰশাসন ৷

শেহতীয়াভাৱে উগ্ৰপন্থী সংগঠনৰ সমৰ্থনত পোষ্ট কৰিলেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সকিয়নী প্ৰদান কৰে আৰক্ষী অধীক্ষক গৰাকীৰ ৷ উল্লেখ্য কিছুদিন পূৰ্বে বৰপেটা চহৰৰ পৰাও এজন যুৱকে আলফাত যোগদানৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ বৰ্তমানো এই সন্দৰ্ভত আৰক্ষীয়ে নামি পৰিছে অভিযানত ৷
লগতে পঢ়ক : 8দিন ধৰি নিৰুদ্দেশ যোৰহাটৰ এজন যুৱক: আলফা স্বাধীনত যোগদানৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.