ETV Bharat / state

বজালীত ৰাইজে নিৰ্মাণ কৰিলে গড়কাপ্তানী বিভাগৰ দলং

author img

By

Published : Aug 26, 2020, 10:47 AM IST

বজালীত গড়কাপ্তানী বিভাগৰ গাফিলতি ৷ চাৰি মাহে বিধস্ত উলুৱা উপাৰনৈ পথৰ দলং ৷ ৰাইজে নিজেই মেৰামতি কৰিছে বিভাগীয় কাঠৰ দলং ৷ ঘৰে ঘৰে উঠাইছে বাঁহ আৰু অন্যান্য সামগ্ৰী ৷

A wooden bridge in Bajali repaired by public
বজালীত ৰাইজে নিৰ্মাণ কৰিলে গঢ়কাপ্তানী বিভাগৰ দলং

পাঠশালা, 26 আগষ্টঃ বজালীৰ গড়কাপ্তানী বিভাগৰ চূড়ান্ত হেমাহিৰ ফলত বিগত প্ৰায় চাৰি মাহে বিধস্ত হৈ থকা বজালীৰ উলুৱা উপাৰনৈ গড়কাপ্তানী পথৰ জালিখাটা গবৰকুছিৰ কচুৱাজানৰ ওপৰত থকা দলংখন ৰাইজে মেৰামতি কৰাৰ বাবে ওলাই আহিবলৈ বাধ্য হৈছে l কচুৱাজানৰ কাঠৰ দলংখনৰ কাঠসমূহ উৱলি গৈ জহি খহি যোৱাৰ ফলত দলংখনৰ মাজত সৃষ্টি হৈ পৰা প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ বিষয়ে জালিখাটা গাঁৱৰ ৰাইজে বহুবাৰ গড়কাপ্তানি বিভাগৰ দৃষ্টিগোচৰ কৰি আহিছিল ৷ ইয়াৰোপৰি, চাৰিমাহে এই পথটোৰে একমাত্ৰ দলংখনৰ বাবে যাতায়ত বন্ধ হৈ থকাৰ বিষয়ে অৱগত কৰি দলংখন মেৰামতিৰ দাবী জনাই আহিছিল l

কিন্তু গড়কাপ্তানী বিভাগৰ পৰা কোনো সঁহাৰি লাভ নকৰা ৰাইজে ঘৰে ঘৰে বাঁহ উঠাই দলংখন মেৰামতিৰ কামত লাগি পৰা দেখা গৈছে l বিগত বৰ্ষত কাঠৰ দলংখন দুৰ্বল কাঠেৰে নিৰ্মাণ কৰা হৈছিল l আনকি দলংখন সম্পূৰ্ণকৈও নিৰ্মাণ হোৱা নাছিল আৰু তাৰ পিছতে পোহৰলৈ আহিছিল দলংখন নিম্ন মানদণ্ডৰ কাঠেৰে নিৰ্মাণ কৰাৰ কথা l

লগতে পঢ়কঃ তামুলপুৰত চিকিৎসালয় নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.