ETV Bharat / state

Government school of Assam: ভাৰাতীয়া শিক্ষকেৰে চলা বিদ্যালয়তে গুণোৎসৱত পালে A+ গ্ৰেড - বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ড

কলগাছিয়াৰ ৰূপসী শিক্ষা খণ্ডত শিক্ষকৰ অনুপস্থিতিত চলিছে বিদ্যালয় । শিক্ষা বিভাগ আৰু চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান স্থানীয় সচেতন ৰাইজৰ (No teaching in Barpeta primary school) ।

Government school of Assam
ৰাজ্যৰ শিক্ষাখণ্ডৰ স্বৰূপ উদঙাইছে বৰপেটাৰ এই বিদ্যালয়খনে
author img

By

Published : Apr 26, 2023, 1:58 PM IST

ৰাজ্যৰ শিক্ষাখণ্ডৰ স্বৰূপ উদঙাইছে বৰপেটাৰ এই বিদ্যালয়খনে

বৰপেটা, 26 এপ্ৰিল : ৰাজ্য চৰকাৰখনে গুণোৎসৱত ভাল ফলাফল দেখুওৱা শিক্ষানুষ্ঠানৰ ঢাক-ঢোল বজোৱাৰ সময়তে পোহৰলৈ আহিছে এনে এক সংবাদ যিয়ে চকু কপালত তুলিব সচেতন ৰাইজৰ ৷ বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 1434 নং উত্তৰ বনঘূগী ছোৱালী প্ৰাথমিক বিদ্যালয়খনে ২০২২ বৰ্ষৰ গুণোৎসৱত লাভ কৰিছিল A + Grade ৷ দুৰ্ভাগ্যজনক বিষয় যে, গুণোৎসৱত A+ Grade লাভ কৰা বিদ্যালয়খনত শিক্ষাদান কৰিবলৈ নাই শিক্ষক (Government school of Assam) ৷

উল্লেখ্য যে, শিক্ষকৰ অনুপস্থিতিৰ হেতুকে শিক্ষাগ্ৰহণ নকৰাকৈয়ে ঘৰলৈ উভতিবলগীয়া হৈছে শিক্ষাৰ্থী । বিদ্যালয়খনত খনিন কুমাৰ দাস আৰু সুব্ৰত শৰ্মা নামৰ দুগৰাকীকৈ শিক্ষক কৰ্মৰত যদিও প্ৰতি মাহৰ অধিকাংশ দিন শিক্ষকদুগৰাকীয়ে বিদ্যালয়ত অনুপস্থিত থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে । তদুপৰি মন কৰিবলগীয়া বিষয় যে, শিক্ষক দুগৰাকীয়ে নিজে বিদ্যালয়ত অনুপস্থিত থাকি প্ৰায়ে ভাৰাতীয়া শিক্ষকৰ জৰিয়তে পাঠদান কৰাই নিজৰ দৰমহা ভোগ কৰি থকাৰো এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (no teacher in Assam govt school) ।

বিদ্যালয়খনত দুপৰীয়া 11 বজা পৰ্যন্ত তলা ওলমি থাকে বুলিও কয় স্থানীয় ৰাইজে । যিয়ে ক্ষতিগ্ৰস্থ কৰিছে ভিতৰুৱা অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত ৷ তদুপৰি মধ্যাহ্ন ভোজনকে ধৰি আন্তঃগাঁথনিগত সমস্যাটো ভুগি আছে বিদ্যালয়খনে ৷ এনে পৰিস্থিতিত 2022 বৰ্ষত হৈ যোৱা গুণোৎসৱত বিদ্যালয়খনে কেনেকৈ A+ Grade অৰ্জন কৰিছিল সেয়াও বৰ্তমান এক কৌতূহলৰ বিষয় হৈ পৰিছে ৷ লগতে চৰকাৰী বিদ্যালয় তথা ব্যয়বহুল গুণোৎসৱ সম্পৰ্কেও বহুতকে বহু কথা ভবাই তোলা পৰিলক্ষিত হৈছে (Gunotsav in Assam)।

তৎকালে এনে শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগ আৰু ৰাজ্য চৰকাৰৰ ওচৰত দাবী তুলিছে স্থানীয় ৰাইজে । নিজ কৰ্তব্যৰ প্ৰতি এনেদৰে অনীহা প্ৰকাশ কৰি ৰাজ্যৰ শিক্ষাৰ্থীৰ ভৱিষ্যৎ অনিশ্চয়তাত পেলোৱা এইসকল শিক্ষকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া পৰৰ্ৱতী সময়ত হ’ব লক্ষ্যনীয় বিষয় (Education minister Ranoj Pegu) ৷

লগতে পঢ়ক : Palash Moran missing case: অৰুণাচলৰ আপাৰ চিংহাঙত উদ্ধাৰ আলফা কেডাৰ পলাশ মৰাণৰ মৃতদেহৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.