ETV Bharat / state

মৰানদীত জাপ দিলে এজন প্ৰাক্তন খেলুৱৈয়ে - এছডিআৰএফ

যুৱকজনক বিচাৰি এছডিআৰএফৰ অভিযান । কিন্তু এতিয়ালৈ সন্ধান পোৱা নাই যুৱকজনৰ ।

মৰানদীত জাপ দিলে এজন প্ৰাক্তন খেলুৱৈয়ে
author img

By

Published : Jul 8, 2019, 4:34 PM IST

বৰপেটা,৮ জুলাইঃ সোমবাৰে পুৱাই বৰপেটাৰ মৰানদীত জাপ দিলে এজনে । বিলৰতাৰী-বুদৰুৰতুপ সংযোগী দলঙৰ পৰা মৰানদীত জপিয়ালে এজন যুৱকে । ইতিমধ্যে যুৱকজনক বিচাৰি অভিযান আৰম্ভ কৰিছে এছডিআৰএফ বাহিনীয়ে । জানিব পৰা মতে, ঘৰৰ পৰা ই-ৰিক্সাৰে আহি নদীত জাপ দিয়া যুৱকজনৰ নাম পবিত্ৰ কুমাৰ দাস । বৰপেটা চহৰত আলুৰ পাইকাৰী ব্যৱসায় আছে যুৱকজনৰ ৷ চহৰখনত নতুনকৈ নিৰ্মাণ কৰি থকা বাসগৃহৰ কাম চোৱাৰ সূত্ৰে ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন ৷ তাৰপিছতে মৰানদীৰ দলঙৰ কাষ পোৱাৰ লগে লগে প্ৰস্ৰাৱ কৰোঁ বুলি ই-ৰিক্সাখন ৰাখিবলৈ কৈ দৌৰি নদীত জাপ দিয়ে ৷ এতিয়া এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ চহৰখনত ।

মৰানদীত জাঁপ দিলে এজন প্ৰাক্তন খেলুৱৈয়ে

উল্লেখ্য যে, পবিত্ৰ কুমাৰ দাস ভলীবলৰ এজন ৰাজ্যিক খেলুৱৈ আছিল ৷ যুৱকজনৰ পত্নীৰ সৈতে ৭ বছৰীয়া আৰু ৩ বছৰীয়া দুটি কন্যা সন্তান আছে ৷ ইতিমধ্যে এছডিআৰএফৰ লগতে স্থানীয় লোকে যুৱকজনৰ সন্ধান বিচাৰি উদ্ধাৰ অভিযান চলাইছে যদিও সন্ধান পোৱা নাই যুৱকজনৰ ৷ ঘটনাটোক লৈ পৰিয়ালৰ লগতে আত্মীয় স্বজনৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ যুৱকজনে কি কাৰণত এনে সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সম্পৰ্কে অৱশ্যে এই পৰ্যন্ত জানিব পৰা হোৱা নাই ।

Slug:   as_bar_801to805_8july_a_person_jump_on_the_bridge_vis+bite+photo_7203841

বৰপেটা চহৰৰ বিলৰটাৰীত মৰানদীত জপিয়ালে এজন যুৱকেঃ এছডিআৰএফৰ অভিযান আৰম্ভ ৷
সন্ধান পোৱা নাই যুৱকজনৰ ৷

বৰপেটা, ৮ জুলাইঃ
বৰপেটাত আজি পুৱাই সংঘটিত হ'ল এক অঘটন ৷ বিলৰতাৰী-বুদৰুৰতুপ সংযোগী দলঙৰ পৰা মৰানদীত জাপ দিলে এজন যুৱকে ৷ ঘৰৰ পৰা ই-ৰিক্সাৰে আহি নদীত জাপ দিলে যুৱকজনে ৷ যুৱকজন বিলৰতাৰীহাটীৰ পবিত্ৰ কুমাৰ দাস (৩৩) ৷ বৰপেটা চহৰত আলুৰ পাইকাৰী ব্যৱসায় আছে যুৱকজনৰ ৷ চহৰখনত নতুনকৈ নিৰ্মাণ কৰি থকা বাসগৃহৰ কাম চাও বুলি ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন ৷ তাৰপিচতে মৰানদীৰ দলঙৰ কাষ পোৱাৰ লগে লগে প্ৰসাৱ কৰো বুলি ই-ৰিক্সাখন ৰখাবলৈ কৈ দৌৰি জাপ দিয়ে নদীত ৷ এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে চহৰখনত ৷ পবিত্ৰ কুমাৰ দাস ভলীবলৰ ৰাজ্যিক খেলুৱৈ আছিল ৷ যুৱকজনৰ আছে পত্নীৰ সৈতে   ৭ বছৰীয়া আৰু ৩ বছৰীয়া দুটি কন্যা সন্তান ৷ ইতিমধ্যে এছডিআৰএফৰ লগতে স্থানীয় লোকে যুৱকজনৰ সন্ধান বিচাৰি উদ্ধাৰ অভিযান চলাইছে যদিও সন্ধান পোৱা নাই যুৱকজনৰ ৷ ঘটনাটোক লৈ পৰিয়ালৰ লগতে আত্মীয় স্বজনৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ  ৷ যুৱকজনে কি কাৰণত এনে সিদ্ধান্ত ললে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই কোনো কথা ৷           
 বাইট: প্ৰত্যক্ষ দৰ্শী                     
  --- বাপকন দাস, বৰপেটা           
 ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.