জনীয়া, 11 ডিচেম্বৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত দীৰ্ঘ দিনৰ পৰাই ড্ৰাগছ, মদ, তীৰ-জুৱা আদিৰ দৰে অসামাজিক কাৰ্য চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । তেনে সময়তে আজি গোপন সূত্ৰৰ পম খেদি কলগাছিয়াৰ শওঁপুৰ বেঁকী দলঙৰ সমীপত এজন ব্ৰাউন চুগাৰ সৰবৰাহ কাৰীক আটক কৰে কলগাছিয়া আৰক্ষীয়ে ৷
ব্ৰাউন চুগাৰ সৰবৰাহকাৰী জন ভেৰাগাঁৱৰ জালাল উদ্দিনৰ পুত্ৰ মতিয়াৰ ৰহমান (৩৫) বুলি জানিবলৈ দিছে স্থানীয় একাংশ লোকে । সমান্তৰালভাৱে আটক কৰা ৰহমানৰ পৰা ৫৪.৫ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা কথাও সদৰি কৰিছে কলগাছিয়া আৰক্ষীয়ে ।
উল্লেখ্য যে, মতিয়াৰ ৰহমানৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২১ AB/ ২২ AB N D P S ৰ অধীনত ৬৭৬ নম্বৰত এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে কলগাছিয়া আৰক্ষীয়ে ।
লগতে পঢ়ক: চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডাঃ অজন্তা হাজৰিকাৰ স্বামীক আটক