বৰপেটা,২ নৱেম্বৰ: গ্ৰন্থৰ সুবাস লৈ বুধবাৰৰ পৰা সৰ্থেবাৰীত আৰম্ভ হৈছে ষষ্ঠদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলা । উদুলি-মুদুলি হৈ পৰিছে গ্ৰন্থমেলাৰ বাকৰি । সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 'ভিক্টৰ গ্ৰুপ'ৰ উদ্যোগত পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে ষষ্ঠদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলা । পুৱা মুখ্য পতাকা উত্তোলন কৰে গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি পৰাগ ডেকাই ।
ইয়াৰ পিছতেই ষষ্ঠদশ বাৰ্ষিক গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি ১৬ খন পতাকা উত্তোলন কৰে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট লোকে । ইয়াৰ পাছতেই গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰমেশ দাস আৰু চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া শিক্ষাৰত্ন লীলাধৰ দাসে । শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জীতেন চন্দ্ৰ বৰ্মনে ।
গ্ৰন্থমেলাৰ মুখ্যদ্বাৰ উদঘাটন কৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ড৹ দীনেশ বৈশ্যই । ইয়াৰ পাছতেই উদ্বোধনী সভা অনুষ্ঠিত হয় । উদ্বোধনী সভাত সাবিত্ৰী ভূঞাৰ প্ৰৱন্ধ সংকলন 'সফলতাৰ দিক্ দৰ্শন' উন্মোচন কৰে মুকালমুৱাস্থিত বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মইনুল হকে ।
ইয়াৰ উপৰিও পাঠশালাৰ প্ৰদীপ শৰ্মাৰ 'এটা কাহিনীৰ সন্ধানত' উপন্যাসখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক চক্ৰেশ্বৰ ডেকা আৰু ষষ্ঠদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলাৰ স্মৰণিকা 'আমি' উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ড৹ দীনেশ বৈশ্যই । কেইবাখনো আগশাৰীৰ গ্ৰন্থ বিপনীৰে অনুষ্ঠিত হৈছে ষষ্ঠদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলা । ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্নজনে নিজৰ পচন্দৰ গ্ৰন্থ বিচাৰি বিপনীত ভিৰ কৰা দেখা গৈছে ।
লগতে পঢ়ক: Diwali 2023 : সমাগত দীপাৱলী; মাটিৰ চাকি নিৰ্মাণত ব্যস্ত দুইনৈমুখ কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকল