ETV Bharat / state

বৰপেটাত কৰ’ণাত আক্ৰান্ত হৈ পুনৰ ৬ গৰাকী ৰোগীৰ মৃত্যু

author img

By

Published : May 22, 2021, 1:30 PM IST

বৰপেটাত শুকুৰবাৰৰ দিনটোত কৰ’ণাত আক্ৰান্ত হৈ ৬ গৰাকী ৰোগীৰ মৃত্যু হয় ৷ ইয়াকে ধৰি জিলাখনত কৰ’ণাত মৃত লোকৰ সংখ্যা ৬১ গৰাকীলৈ বৃদ্ধি পাইছে ৷

6_covid_patient_death_at_barpeta
বৰপেটা জিলাত কৰ’ণাত আক্ৰান্ত হৈ পুনৰ ৬ গৰাকী ৰোগীৰ মৃত্যু

বৰপেটা 22 মে’ : বৰপেটাত কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৪ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ৷ জিলাখনত শুকুৰবাৰৰ দিনটোত কৰ’ণাত আক্ৰান্ত হৈ ৬ গৰাকী ৰোগীৰ মৃত্যু হয় ৷ ইয়াকে ধৰি জিলাখনত কৰ’ণাত মৃত লোকৰ সংখ্যা ৬১ গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে, বৰপেটাত শুকুৰবাৰে ২৫০ গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে নতুনকৈ ১৮০ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷

বৰপেটা জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰপেটা জিলাত মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৪১৫৩ গৰাকীলৈ বৃদ্ধি পাইছে ৷ এতিয়ালৈকে জিলাখনত মুঠ ১৮৮৭ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷

আনহাতে, এতিয়ালৈ বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২১৯৭ গৰাকী ৷ শুকুৰবাৰৰ দিনটোত জিলা খনত ৪৪৪৯ গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয় ৷ ইয়াৰে ১৮০ গৰাকী কৰ’ণাত আক্ৰান্ত বুলি চিনাক্ত হয় ৷ উল্লেখ্য যে, শুকুৰবাৰে জিলাখনত ক’ভিড আক্ৰান্তৰ হাৰ ৪.০৪ শতাংশ ।

লগতে পঢ়ক : বিজনীৰ দহলাপাৰাস্থিত টোল গেটত বৃহৎ চিণ্ডিকেটৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.