ETV Bharat / state

কলগাছিয়াত পুনৰ 4 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ

কলগাছিয়াত পুনৰ 4 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ ৷ শুকুৰবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত ধৰা পৰিছে কৰ'ণা ভাইৰাচৰ উপস্থিতি ৷

4 persons New Covid-19 Positive At Barpeta,Jania
কলগাছিয়াত পুনৰ 4 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ
author img

By

Published : Apr 30, 2021, 5:06 PM IST

জনীয়া, 30 এপ্ৰিল: সমগ্ৰ দেশ তথা ৰাজ্যত এতিয়া কৰ'ণা মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰিছে ৷ দিনক দিনে বৃদ্ধি পাইছে কৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ৷ সমান্তৰলাকৈ বৰপেটা জিলাতো ভয়ংকৰ হৈ পৰিছে কৰ'ণা পৰিস্থিতি ।

জিলা খনত কৰ'ণা ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম আৰু কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই স্বাস্থ্য পৰীক্ষা কৰিবলৈ চিকিৎসা কৰ্মী সকলক এক নিৰ্দেশ দিয়ে ৷ এই নিৰ্দেশ মৰ্মে শুকুৰবাৰে পুৱাৰে পৰা চিকিৎসা কৰ্মীৰ এটা দলে কলগাছিয়াৰ বিভিন্ন প্ৰান্তত বহু লোকৰ স্বাৱ পৰীক্ষা কৰে ।

কলগাছিয়াত পুনৰ 4 গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ

আজিৰ এই স্বাৱ পৰীক্ষাত কলগাছিয়া বজাৰত এজন বৃদ্ধ লোকৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰাৰ লগতে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়তো তিনি গৰাকী লোকৰ দেহতো নতুনকৈ ধৰা পৰিছে ক'ভিড পজেটিভ ।

ইতিপূৰ্বে চিকিৎসালয় খনৰ কোৱাৰেনটাইন কেন্দ্ৰটোত ৩৫ গৰাকীকৈ লোক ক'ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷ বৰ্তমান জিলাখনত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে মুঠ ৩৯ গৰাকী বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে ।

লগতে পঢ়ক-পুনৰ আলফা(স্বা)ৰ দুই সদস্যৰ আত্মসমৰ্পন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.