ETV Bharat / state

বৰপেটাৰ বানপীড়িতৰ কাষত কন্ঠশিল্পী দীক্ষু

author img

By

Published : Jul 21, 2019, 7:43 PM IST

ৰাজ্যত অব্যাহত বিধ্বংসী বানত জুৰুলা হৈছে নৈপৰীয়া ৰাইজ ৷ বানত বহুতেই হেৰুৱাইছে নিজৰ ঘৰ-দুৱাৰ ৷ বানত সকলা হেৰুওৱা দুৰ্গত সকললৈ যিয়ে যেনেকৈ পাৰে আগবঢ়াইছে সহায়ৰ হাত ৷ শিল্পী জুবিন গাৰ্গৰ পাছত কেইগৰাকীমান সুহৃদৰ সৈতে বৰপেটাৰ বানপীড়িতৰ কাষলৈ ঢপলিয়াই আহিল কন্ঠশিল্পী দীক্ষু ৷

বৰপেটাৰ বানপীড়িতৰ কাষত কন্ঠশিল্পী দীক্ষু

বৰপেটা,21 জুলাইঃ অসমৰ হাৰ্টথ্ৰৱ জুবিন দাৰ পাছত বন্যাতৰ্ৰ কাষত এইবাৰ জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু ৷ দীক্ষু ইনিচিয়েটিভ ফাউন্ডেচনৰ উদ্যোগত বহুকেইজন সমাজহিতৈশী ব্যক্তিৰ সহযোগত বৰপেটাৰ গনককুছি পথাৰহাটীৰ বানপীড়িত লোকৰ মাজত শিল্পীগৰাকীয়ে বিতৰণ কৰিলে সাহায্য সামগ্ৰী ৷ গনককুছি পথাৰহাটীৰ বানপীড়িতসকলৰ মাজত চাউল, চেনি, দাইল, মিঠাতেল, বিস্কুট, চিৰা, মূৰি, কাপোৰ, ঔষধ, চেনিটেৰী নেপ্কিনকে ধৰি পৰিয়ালৰ বাবে লাগতিয়াল বহু সামগ্ৰী বিতৰণ কৰে শিল্পীগৰাকীয়ে ৷ শিল্পীগৰাকীয়ে লগতে জনাই যে বানপীড়িতসকলক বান সাহায্য প্ৰদান কৰাৰ সমান্তৰালভাৱে বানৰ পিছতো স্বাস্থ্য আৰু স্বচ্ছতাৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিব দীক্ষু ইনিচিয়েটিভ ফাউন্ডেচনে ৷ আনহাতে, অহা 23 জুলাইত জুবিন গাৰ্গ ফেন ক্লাৱ আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছ্নৰ উদ্যোগত চানমাৰি খেলপথাৰৰ পৰা আৰম্ভ হ'বলগীয়া বান সাহায্য সংগ্ৰহ অভিযানত অংশগ্ৰহণ কৰাৰ কথা জানিবলৈ দি সকলোকে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে দীক্ষুৱে ৷

Intro:, ২১ জুলাইঃ বানত ককবকাইছে সমগ্ৰ ৰাজ্য ৷ বানপীড়িত ৰাইজৰ কুলাই-পাচিয়ে নধৰা দুখ ৷ কাৰোবাৰ ঘৰৰ ভিতৰত যদি এককাল-একাঠু পানী, কোনোবাৰ আকৌ থকা ঘৰটোকে উটুৱাই নিছে বলীয়া বানে ৷ বানত সৰ্বস্বান্ত ৰাইজে স্কুল ঘৰ, ওখভেটি, মথাউৰি অথবা পথৰ কাষতে আশ্ৰয় গ্ৰহন কৰি আছে কোনোমতে ৷ বানত জুৰুলা দূৰ্গত এই সকল লোকক যিয়ে যেনেকৈ পাৰে সকলোৱে আগবঢ়াইছে সহায়ৰ হাত ৷ আজি গুৱাহাটীৰ পৰা কেইগৰাকীমান সুহৃদৰ সৈতে বৰপেটাৰ বানপীড়িতৰ কাষলৈ ঢপলিয়াই আহিল কন্ঠশিল্পী দীক্ষু ৷ Body:দীক্ষু ইনিচিয়েটিভৰ উদ্যোগত বহুকেইজন সুহৃদৰ সহযোগত বৰপেটাৰ গনককুছি পথাৰহাটীৰ বানপীড়িত লোকৰ মাজত শিল্পীগৰাকীয়ে বিতৰন কৰিলে সাহায্য সামগ্ৰী ৷ বানত সৰ্বস্বান্ত হৈ পথৰ কাষতে কেবাদিনোধৰি আশ্ৰয় লৈ থকা গনককুছি পথাৰহাটীৰ বানপীড়িতসকলৰ মাজত চাউল, চেনি, দালি, মিঠাতেল, বিস্কুট, চিৰা, মূৰি, কাপোৰ, ঔষধ, চেনিটেৰী নেপকিনকে ধৰি পৰিয়ালৰ বাবে লাগতিয়াল সামগ্ৰী সমুহ বিতৰন কৰে শিল্পীগৰাকীয়ে ৷ সাধাৰনতে সাহায্যৰ পৰা বঞ্চিত বানপীড়িত অঞ্চল বিচাৰি উলিয়াই সাহায্য আগবঢ়াই আহিছে দীক্ষুৱে ৷ বানপীড়িত লোকসকলক বান সাহায্য প্ৰদানৰ লগতে বানৰ পিচত স্বাস্ব্য শিবিৰ আৰু স্বচ্চতাৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহন কৰিব বুলি জানিবলৈ দিয়ে শিল্পী গৰাকীয়ে ৷
ইপিনে অহা তেইছ জুলাইত জুবিন গাৰ্গৰ নেতৃত্বত গুৱাহাটীত বান সাহায্য সংগ্ৰহ অভিযানত অংশ লব শিল্পীগৰাকীয়ে ৷ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনৰ উদ্যোগত চানমাৰী খেলপথাৰৰ পৰা বান সাহায্য সমগ্ৰহ অভিযান আৰম্ভ কৰিব বুলি জানিবলৈ দি সকলোকে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে দীক্ষুৱে ৷
ইপিনে দীক্ষুৰ এনে পদক্ষেপৰ শলাগ লৈ বানপীড়িত লোকসকলে অঞ্চলটোৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টি আকৰ্ষন কৰিবলৈ কন্ঠশিল্পীগৰাকীক আহ্বান জনালে স্থানীয় লোকে ৷

Conclusion:বাইটঃ দীক্ষু ৷
বাইটঃ দীক্ষুৰ সতীৰ্থ শিল্পী ৷
বাইটঃ স্থানীয় লোক ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.