ETV Bharat / state

মহিলাৰ দ্বাৰা পৰিচালিত হ’ব লগা একাংশ ভোটকেন্দ্ৰ - ভোট গ্ৰহণ কেন্দ্ৰ

নিয়োজিত হ’ব 80 গৰাকী কৰ্মচাৰী ৷ প্ৰিজাইডিং বিষয়াৰ পৰা প'লিং বিষয়ালৈকে, নিৰাপত্তাৰক্ষী সকলো হ’ব মহিলা ৷

মহিলাৰ দ্বাৰা পৰিচালিত হ’ব 10 টা ভোট গ্ৰহণ কেন্দ্ৰ
author img

By

Published : Apr 14, 2019, 2:40 PM IST

বৰপেটা , 14 এপ্ৰিল : তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপ ৷ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব বৰপেটা চহৰৰ 10 টা ভোট গ্ৰহণ কেন্দ্ৰ ৷ মহিলা বিষয়া-কৰ্মচাৰীসকলে এই দহটা ভোটগ্ৰহণ কেন্দ্ৰত কৰিব ভোট গ্ৰহণ ৷ চাওক আমাৰ এই প্ৰতিবেদন ...

মহিলাৰ দ্বাৰা পৰিচালিত হ’ব 10 টা ভোট গ্ৰহণ কেন্দ্ৰ

বৰপেটা , 14 এপ্ৰিল : তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপ ৷ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব বৰপেটা চহৰৰ 10 টা ভোট গ্ৰহণ কেন্দ্ৰ ৷ মহিলা বিষয়া-কৰ্মচাৰীসকলে এই দহটা ভোটগ্ৰহণ কেন্দ্ৰত কৰিব ভোট গ্ৰহণ ৷ চাওক আমাৰ এই প্ৰতিবেদন ...

মহিলাৰ দ্বাৰা পৰিচালিত হ’ব 10 টা ভোট গ্ৰহণ কেন্দ্ৰ
Slug:     A_BAR_14APR_804TO805_EVM_TRAINING_FOR_LADIES_VIS+BITE_BAPKAN_DAS                  

  বৰপেটাত মহিলাৰ দ্বাৰা পৰিচালিত হব ১০টা ভোট গ্ৰহণ কেন্দ্ৰঃ নিয়োজিত হব ৮০ গৰাকী কৰ্মচাৰী ৷

বৰপেটা ১৪ এপ্ৰিলঃ তৃতীয় পৰ্যায়ত অনুষ্টিত হবলগীয়া বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে বিশেষ পদক্ষেপ ৷ বৰপেটা চহৰৰ ১০ টা ভোট গ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালিত হব কেবল মহিলাৰ দ্বাৰা ৷ মহিলা বিষয়া-কৰ্মচাৰীসকলে এই দহটা ভোটগ্ৰহন কেন্দ্ৰত ভোট গ্ৰহন কৰিব ৷ মহিলাৰ দ্বাৰা পৰিচালিত হবলগীয়া বৰপেটা চহৰৰ ভোট গ্ৰহণ কেন্দ্ৰ কেইটা হৈছে বিলৰতাৰি  প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা দুটা ভোট গ্ৰহণ কেন্দ্ৰ, বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুটা কেন্দ্ৰ, বৰপেটা টাউন মধ্য ইংৰাজী বিদ্যালয়ৰ দুটা কেন্দ্ৰ , বৰপেটা নাৰ্চাৰী প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহন কেন্দ্ৰ আৰু বৰপেটা  জুৰোৰাম পাঠক ছোৱালী  উচ্চ মাধ্যমিক  বিদ্যালয়ৰ তিনিটা ভোট গ্ৰহণ কেন্দ্ৰ ৷ উক্ত ভোট গ্ৰহণ কেন্দ্ৰ কেইটাত প্ৰিজাইডিং বিষয়াৰ পৰা প'লিং বিষয়ালৈকে সকলো কাম পৰিচালনা কৰিব মহিলাই ৷ নিৰ্বাচনৰ কামত  নিয়োজিত বিষয়া- কৰ্মচাৰীসকলক ইতিমধ্যে সকলোধৰনৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ ইতিমধ্যে ৮০ গৰাকী মহিলাক ইভিএম, ভিভিপেট আদিৰ লগতে ভোটগ্ৰহনৰ যাৱতীয় সকলো প্ৰশিক্ষন  প্ৰদান কৰা হৈছে ৷ মহিলাৰ দ্বাৰা পৰিচালিত হবলগীয়া প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত এগৰাকী প্ৰিজাইডিং বিষয়া আৰু তিনিগৰাকী পলিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীসকলো মহিলা হব ৷  
প্ৰথমবাৰৰ বাবে নিৰ্বাচনী কামত নিয়োজিত হবলগীয়া মহিলা কৰ্মচাৰীসকলে প্ৰশিক্ষন গ্ৰহন কৰি অত্যন্ত সুখী বুলি মন্তব্য কৰিছে ৷ এয়া এক নতুন অভিজ্ঞতা আৰু ইয়ে মহিলাসকলৰ মনত আত্মবিশ্বাস বৃদ্ধি হোৱা বুলিও মন্তব্য কৰিছে মহিলাসকলে ৷

বাইটঃ নিৰ্বাচনত নিয়োজিত মহিলা কৰ্মচাৰী ৷
--- বাপকন দাস, বকপেটা
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.