ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত বিশ্ব ব্যাঘ্র দিৱস উদযাপন - Manah National Park

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ অতিথিশালাত বৃহস্পতিবাৰে বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় । মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত উদযাপন কৰা হয় দিৱসটি ৷

world tiger day
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত উদযাপন "বিশ্ব ব্যাঘ্র দিৱস"
author img

By

Published : Jul 29, 2021, 6:08 PM IST

বাক্সা, ২৯ জুলাই : বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ অতিথিশালাত বৃহস্পতিবাৰে বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় । মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত উদযাপন কৰা হয় দিৱসটি ৷ এই উপলক্ষে আয়োজন কৰা সভাখনিত আঁত ধৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কৰ্মৰত বিষয়া ধৰণীধৰ বড়োৱে ৷

সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই । সভাখন মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ বন বিভাগৰ মুখ্য বন বিষয়া অনুৰাগ সিং ৷ সভাত আৰণ্যকৰ সম্পাদক সাধাৰণ ড৹ বিভৱ তালুকদাৰ, বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত লক্ষজিৎ দাসকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব ব্যাঘ্র দিৱস উদযাপন

উল্লেখ্য যে, সভাখন ক'ভিড প্ৰট'কল পালন কৰি অনুষ্ঠিত হয় ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, শেহতীয়াকৈ আৰু নতুনকৈ ১৮ টা বাঘৰ সন্ধান পোৱাৰ পাছত এতিয়ালৈকে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা ৪৮ টালৈ বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়া গঁড়ৰ সংখ্যা ৪৭ টা, হাতীৰ সংখ্যা ১,০৪০ টা, বাইচন ৬০৭ টা, ৱাটাৰ বাফেলো ৫০২ টাকে ধৰি ১৫০ টা বিভিন্ন প্ৰজাতিৰ পক্ষীৰ সন্ধান পোৱা গৈছে ।

পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলি কৰাৰ বাবে ইতিমধ্যে উদ্যান কৰ্তৃপক্ষ সম্পূর্ণকৈ সাজু হৈছে ৷ ছেপ্তেম্বৰ মাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে পুনৰ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য প্ৰকাশ কৰে অমল চন্দ্ৰ শৰ্মাই ৷ সভাত বিটিআৰৰ বন বিভাগৰ মুখ্য বন বিষয়া অনুৰাগ সিঙে "The Tigers of Manas" গ্ৰন্থখন উন্মোচন কৰে ।

লগতে পঢ়ক: দুলীয়াজানত অইলৰ পাইপ লাইন ফাটি খাৰুৱা তেল নিৰ্গত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.