ETV Bharat / state

বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে বাক্সাত শ্ৰৱণ যন্ত্ৰ বিতৰণ

আজি বিশ্ব শ্ৰৱণ দিৱস । বাক্সাৰ সুবনখাটাত স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে বিনামূলীয়া চিকিৎসা আগবঢ়োৱা হয় । চাৰিগৰাকী ব্যক্তিক শ্ৰৱণ যন্ত্ৰও প্ৰদান কৰা হয় ।

author img

By

Published : Mar 3, 2021, 7:43 PM IST

বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে বাক্সাত শ্ৰৱণ যন্ত্ৰ বিতৰণ
বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে বাক্সাত শ্ৰৱণ যন্ত্ৰ বিতৰণ

বাক্সা, ৩ মাৰ্চ: বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে বাক্সাৰ সুবনখাটা ৰাজ্যিক চিকিৎসালয়ত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানতে শ্ৰৱণশক্তিহীনতাত ভোগা চাৰিগৰাকী ব্যক্তিক জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰা হয় ।

লগতে অঞ্চলটোৰ প্ৰায় ৮০ জন লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয় । জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক মফিদুল ৰহমানে কয় যে, ইন্দ্ৰিয়সমূহ মানৱ জাতিৰ বাবে অপৰিহাৰ্য্য অংগ ৷ তেওঁ সকলোকে পৰিষ্কাৰ-পৰিচন্ন হৈ থাকিবলৈ উপদেশ দিয়াৰ লগতে সচেতন হ'বলৈও আহ্বান জনায় ।

পৰৱৰ্তী পৰ্যায়ত সকলো শ্ৰৱণশক্তিহীন ব্যক্তিক এই যন্ত্ৰ বিতৰণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে জিলা এনপিপিচিডি ৰাজামোহন দাস, ডা° ভুৱনেশ্বৰ স্বৰ্গীয়াৰী, ডিপিএম প্ৰশান্ত কুমাৰ দত্তৰ লগতে কেইবাগৰাকীও চিকিৎসক আৰু বিভাগীয় বিষয়া ৷

লগতে পঢ়ক:শিৱসাগৰত অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ ৰাইজৰ দলৰ নেতৃত্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.