ETV Bharat / state

বাক্সাৰ আমলাইগুৰিত জিলা প্ৰশাসনে মুকলি কৰিলে গছপুলি ৰোপণ কাৰ্যসূচী

author img

By

Published : Jun 5, 2020, 5:59 PM IST

Updated : Jun 5, 2020, 7:41 PM IST

বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বাক্সাৰ আমলাইগুৰিত মুকলি কৰা হয় গছপুলি ৰোপণ কাৰ্যসূচী ৷ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক,স্থানীয় বিধায়কৰ উপস্থিতিত বাক্সা বন বিভাগে মুকলি কৰে এই কাৰ্যসূচী ৷

গছপুলি ৰোপন কাৰ্যসূচী
গছপুলি ৰোপন কাৰ্যসূচী

বাক্সা, 5 জুন : বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ আমলাইগুৰিত জিলা প্ৰশাসন উদ্যোগত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ বগাজুলীৰ আমলাইগুৰিত জিলা-প্ৰশাসন আৰু বন-বিভাগৰ সহযোগত এই দিৱস উদযাপন কৰা হয় ।

বৃক্ষৰোপন কাৰ্যসূচীত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, বনাঞ্চলিক বিষয়া, এমচিএলএ, এমএলএ
বাক্সাৰ আমলাইগুৰিত জিলা প্ৰশাসনে মুকলি কৰিলে গছপুলি ৰোপণ কাৰ্যসূচী

আমলাইগুৰিৰ মটঙানদীৰ পাৰৰ বন-ভূমিত প্ৰায় 40 বিঘা মাটিত ছয় হাজাৰ বিভিন্ন প্ৰজাতিৰ বৃক্ষৰোপণ কৰা হয় । বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই । উপায়ুক্তগৰাকীয়ে কয় যে, বাঢ়ি অহা জনসংখ্যা আৰু যানবাহনৰ বৃদ্ধিয়ে সমগ্ৰ বিশ্বৰে পৰিৱেশ প্ৰদূষিত কৰি তুলিছে। ভৱিষ্যত প্ৰজন্মক প্ৰদূষণমুক্ত পৃথিৱী এখন দিব বিচাৰিলে সকলোৱে তিনিজোপাকৈ বৃক্ষৰোপণ কৰিব লাগিব ।

গছপুলি ৰোপন কাৰ্যসূচী সন্দৰ্ভত জিলা উপায়ুক্ত ৰঞ্জন শৰ্মা

বৃক্ষৰোপণ কাৰ্যসূচীত জিলা উপায়ুক্তক সংগ দিয়ে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, আৰক্ষী অধীক্ষক প্ৰতীক থুৱে,বন সংমণ্ডল বিষয়া ভৱেশ দাস, মহকুমাধিপতি সুজিৎ বাগলাৰী,এমচিএলএ ধৰ্মনাৰায়ন দাসৰ লগতে কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীসকলৰ উপৰিও স্থানীয় ৰাইজে ।

গছপুলি ৰোপনৰ এক দৃশ্য
গছপুলি ৰোপনৰ এক দৃশ্য

উল্লেখ্য যে, বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে কাজলগাঁৱত উপস্থিত হয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ৷ 15BN SSBৰ কাৰ্যালয়ত উপস্থিত হৈ বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে ৷ উক্ত কাৰ্যসূচীতে ৰাজ্যপালগৰাকীয়ে বিটিচিৰ চাৰিওখন জিলাতে 10 লাখকৈ মুঠ 40 লাখ গছপুলি ৰোপণ কৰাৰ কথা প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ বিটিচিত 40লাখ গছপুলি ৰোপনৰ ঘোষণা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ

Last Updated : Jun 5, 2020, 7:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.