ETV Bharat / state

এবছৰত তিনিবাৰকৈ সলনি হ'ল পৌৰপতি: উপ-পৌৰপতিক বিজেপিৰ পৰা নিলম্বন - TINSUKIA MUNICIPALITY CHAIRMAN

ভঙা-পতাৰ ৰাজনীতি । তিনিচুকীয়া পৌৰসভাৰ পূৰ্বৰ পৌৰপতিৰ বিৰুদ্ধে ১০ গৰাকী ৱাৰ্ড কমিছনাৰৰ অনাস্থা ।

Tinsukia Municipality
পৌৰসভাৰ নতুন পৌৰপতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 5:21 PM IST

তিনিচুকীয়া: তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিৰ পদত অধিষ্ঠিত হ’ল ৯ নম্বৰ ৱাৰ্ড কমিছনাৰ পুলক চেতিয়া । পূৰ্বৰ পৌৰপতি পবিত্ৰ গগৈৰ বিৰুদ্ধে ১০ গৰাকী ৱাৰ্ড কমিছনাৰে অনাস্থা উত্থাপন কৰাৰ পাছত বুধবাৰে তেওঁ পদত্যাগ কৰে ৷ তাৰ পাছতে শুকুৰবাৰে ভোটদানেৰে পুলক চেতিয়াক নিৰ্বাচিত কৰে পৌৰপতি হিচাপে ।

১৫ টাকৈ ৱাৰ্ডেৰে গঠিত তিনিচুকীয়া পৌৰসভাত আজি ১০ গৰাকী ৱাৰ্ড কমিছনাৰৰ ভোট লাভ কৰি পৌৰপতি হিচাপে দায়িত্ব লাভ কৰে পুলক চেতিয়াই । উল্লেখ্য় যে তিনিচুকীয়া পৌৰসভাৰ চলিত কাৰ্যকালৰ তৃতীয়গৰাকী পৌৰপতি পুলক চেতিয়া ।

এবছৰত তিনিবাৰকৈ সলনি হ'ল পৌৰপতি: উপ-পৌৰপতিক বিজেপিৰ পৰা নিলম্বন (ETV Bharat Assam)

১৫ টা ৱাৰ্ডেৰে গঠিত তিনিচুকীয়া পৌৰসভাত ১৪ টা ৱাৰ্ডেই বিজেপি দ’লে দখল কৰাৰ পাছত জয়ন্ত বৰুৱাক পৌৰপতি আৰু নৱনীতা আগৰৱালক উপ-পৌৰপতি হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল । কিন্তু এবছৰ সম্পূৰ্ণ হোৱাৰ আগতেই জয়ন্ত বৰুৱাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি পুনৰ পবিত্ৰ গগৈক পৌৰপতি আৰু ইন্দিৰা ৰয়ক উপ-পৌৰপতি হিচাপে দায়িত্ব প্ৰদান কৰা হয় ।

ইয়াতে তিনিচুকীয়া পৌৰসভাৰ বিতৰ্ক শেষ নহৈ প্ৰায় এবছৰ অতিক্ৰম কৰাৰ পাছত পুনৰ পবিত্ৰ গগৈৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি ১৪ অক্টোবৰত ১০ গৰাকীকৈ ৱাৰ্ড কমিছনাৰে অনাস্থা প্ৰস্তাৱ আনে । পৌৰসভা আইন অনুসৰি পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ পাছতে জিলা আয়ুক্তই এক পত্ৰৰ জৰিয়তে ২০ দিনকৈ সময় নিৰ্ধাৰণ কৰি দিয়ে পৌৰপতিক সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিবলৈ । কিন্তু সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নোহোৱাত বুধবাৰে দিনৰ ১১ বজাত জিলা আয়ুক্তৰ ওচৰত পবিত্ৰ গগৈয়ে পৌৰপতি পদৰ পৰা পদত্যাগ কৰে ।

সমান্তৰালভাৱে ২০ দিনৰ সময়সীমা অতিক্ৰম কৰাত আজি পৌৰসভাৰ কাৰ্যকৰী বিষয়াৰ উপস্থিতিত উক্ত অনাস্থা প্ৰস্তাৱৰ সন্দৰ্ভত এক ভোটিং প্ৰক্ৰিয়া সম্পন্ন কৰা হয় । উক্ত ভোটদানত পৌৰপতি পবিত্ৰ গগৈৰ বিৰুদ্ধে ১১ টাকৈ ভোট পৰে । পৌৰপতিৰ বিৰুদ্ধে ১১ টাকৈ ভোট পৰাৰ পাছতে একপ্ৰকাৰে পৌৰপতি পদ পবিত্ৰ গগৈয়ে এৰিবলৈ বাধ্য হয় ।

উপ-পৌৰপতিক বিজেপিৰ পৰা নিলম্বন

ইফালে, তিনিচুকীয়া পৌৰসভাৰ বিতৰ্ক চলি থকাৰ মাজতে উপ-পৌৰপতি ইন্দিৰা ৰয়ক বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস স্বাক্ষৰিত এখন পত্ৰৰ জৰিয়তে জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশ অনুসৰি নিলম্বন কৰা হয় । কিন্তু এই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে নিলম্বন হোৱা উপ-পৌৰপতি ইন্দিৰা ৰয় ।

লগতে পঢ়ক:তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিৰ পদত্যাগ

তিনিচুকীয়া পৌৰসভাত ক্ষমতাকেন্দ্ৰিক যুঁজ: গেঁঠেলা মাৰিলে উন্নয়নে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.