ETV Bharat / state

বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

author img

By

Published : Nov 28, 2019, 10:47 AM IST

বাক্সাৰ সোনালীপাৰাত বন্যহস্তীৰ তাণ্ডৱ ৷ বন্যহস্তীৰ আক্ৰমণত নিহত হয় উৰ্বশী বসুমতাৰী নামৰ এগৰাকী মহিলা ৷

Wild Elephant Attack at Kumarikata
বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

বাক্সা,28 নৱেম্বৰ : বাক্সাৰ কুমাৰীকাটাৰ সোনালীপাৰাত শোকাৱহ ঘটনা ৷ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী বৃদ্ধা মহিলা । নিহত মহিলাগৰাকী নাম উৰ্বশী বসুমতাৰী ৷

বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে নিশা প্ৰায় 10 বজাত সোনালীপাৰা গাঁৱত বনৰীয়া হাতীৰ জাকটোৱে প্ৰৱেশ কৰে ৷ সেই সময়তে উৰ্বশী বসুমতাৰীয়ে বাহিৰলৈ কোনো কামৰ বাবে ওলাই আহে আৰু হাতীৰ জাকটোৰ মাজৰেই এটা হাতীয়ে খেদি-খেদি মহিলাগৰাকীক আক্ৰমণ কৰে ৷ যাৰ ফলত মহিলাগৰাকী থিতাতে নিহত হয় ৷

অন্য এক খবৰৰ বাবে : 28 নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন

উল্লেখ্য যে বিগত কিছু দিন ধৰি বাক্সা জিলাৰ নাগ্ৰীজুলী,কাউলী,গুৱাবাৰী, চন্দননগৰ,যোগেছপুৰ আদি অঞ্চলত বন্যহস্তীয়ে তাণ্ডৱ চলাই আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

Intro:বাক্সাৰ কুমাৰীকাটাৰ সোনালীপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী বৃদ্ধা মহিলা নিহত ।

Body:বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চালিক কাৰ্য্যালয়ৰ অধিনস্থ বগাজুলী সোনালীপাৰত এগৰাকী বৃদ্ধা মহিলা নিহত । জানিব পৰা মতে বিগত কিছু দিন ধৰি অঞ্চলটোৰ বগাজুলী বনাঞ্চলত বৃহৎ বনৰীয়া হাতীৰ জাকটোৱে বিচৰণ কৰি আছে আৰু যোৱা নিশা ১০ মান বজাত সোনালীপাৰা গাওঁত বনৰীয়া হাতী জাকটোৰ সোমাই উৰ্বশী বসুমতাৰী নামৰ (৫৫) বছৰীয়া বৃদ্ধা মহিলা গৰাকীয়ে নিতৌ কৰ্ম কৰিবলৈ বাহিৰত উলাওতে এটা প্ৰকাণ্ড হাতী অতৰ্কিতে খেদি খেদি মুৰত আঘাত কৰি আক্ৰমণ কৰি নিহত কৰে ।

Conclusion:উল্লেখ্য যে বিগত কিছু দিন ধৰি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ বনাঞ্চালিক কাৰ্য্যালয়ৰ অধিনস্থ নাগ্ৰীজুলী,কাউলী,গুৱাবাৰী, চন্দননগৰ,যোগেছপুৰ আদি অঞ্চলত বনৰীয়া হাতীয়ে বহু লোকৰ ঘৰ ভাঙি উপদ্ৰপ চলাই থকাৰ লগতে খেতি পথাৰৰ ধান খাই তহিলং কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে ।

ভাষ্য : স্থানীয় লোক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.