ETV Bharat / state

দীৰ্ঘদিনে জল সংকটত ভোগা বাক্সাৰ এখন গাঁৱৰ কথাৰে!

author img

By

Published : Feb 5, 2020, 10:38 AM IST

Updated : Feb 5, 2020, 11:36 AM IST

দীৰ্ঘদিনে জল সংকটত ভোগা বাক্সাৰ ১ নং দোঙাগাঁৱৰ ফিটকেজান গাঁৱত আজিকোপতি নহ’ল জল সংকট নিৰ্মূলকৰণ ৷ স্থানীয় লোকে অভিযোগ কৰা অনুসৰি কেতিয়াবা জল সংকটৰ ফলত মাৰপিটৰ ঘটনাও সংঘটিত হয় উক্ত অঞ্চলত ৷ ৰাজ্য চৰকাৰক গাঁৱবাসীৰ সুবিথাৰ্থে এটা পানীৰ ব’ৰিং স্থাপন কৰি দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি দিবলৈ অনুৰোধ জনাইছে গাঁৱবাসীয়ে ৷

বাক্সা
জল সংকট

বাক্সা,5 ফেব্ৰুৱাৰীঃ জল সংকটৰ সন্মুখীন বাক্সাৰ এখন গাওঁ ৷ গাঁৱখনত সম্প্ৰতি পানীৰ বাবে মাৰপিট কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পানীয়ে প্ৰাণ শীৰ্ষক আপ্ত বাক্যশাৰীৰ মূল্য আখৰে আখৰে উপলব্ধি কৰা গাঁৱখন আছে অসমৰ বাক্সা জিলাত ৷ গাঁৱখন হৈছে জিলাখনৰ তামুলপুৰ বিধানসভা সমষ্টি আৰু বি টি চি-ৰ নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ ১ নং দোঙাগাঁৱৰ ফিটকেজান গাঁও । স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি বাৰিষাৰ সময়চোৱাত গাঁৱখনত থকা কুঁৱাসমুহ পানীৰে ভৰি থাকে ৷ কিন্তু খৰালি সময়ত এই অঞ্চলৰ সকলোবোৰ কুঁৱা শুকাই যায় । ফলত সৃষ্টি হয় জল সংকটৰ ৷ অঞ্চলটোৰ ৰাইজে বহুদূৰ বাটকুৰি অন্য লোকৰ কুঁৱাৰ পৰা পানী কঢ়িয়াবলগীয়া হয় ৷ দিনটোৰ প্ৰায় প্ৰতিটো সময়তে ল’ৰা-ছোৱালীকে ধৰি মহিলাসকলে পানী সংগ্ৰহৰ বাবে ব্যস্ত থাকিবলগীয়া হয় ৷

বাক্সা
পানীৰ বাবে মাৰপিটৰ সৃষ্টি

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি কেতিয়াবা এই পৰিস্থিতিৰ ফলত মাৰপিটৰ ঘটনাও সংঘটিত হয় ৷ অঞ্চলটোৰ ৰাইজে পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰক গাঁৱবাসীৰ সুবিথাৰ্থে এটা পানীৰ ব’ৰিং স্থাপন কৰি দীৰ্ঘদিনীয়া এই পানীৰ সমস্যাৰ পৰা মুক্তি দিবলৈ অনুৰোধ জনাইছে ৷ ৰাইজৰ অনুৰোধ চৰকাৰে কিদৰে গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ’ব ৷

জল সংকট

লগতে চাওকঃটীয়কত বাছ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত 8 যাত্ৰীঃ সোণাপুৰতো দুৰ্ঘটনাত নিহত মহিলা

Intro:বাক্সাত পানীৰ বাবে মাৰত -পিত কৰিব লগীয়া এখন ঠাই ।

Body:পানীয়ে প্ৰাণ এই আপ্ত বাক্য শাৰীৰ মূল্য আখৰে আখৰে উপলব্ধি কৰা এখন ঠাই আছে এইখন অসমতে । আপুনি পানী অযথা অপচয় কৰে নেকি ? আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত আজিৰ পৰা পানী অপচয় বন্ধ কৰিবলৈ বাধ্য হৈ পৰিব । এই ঠাইখন হৈছে বাক্সা জিলাৰ তামুলপুৰ বিধান সভা সমষ্টি আৰু বিটিচিৰ নাগ্ৰীজুলী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ ১ নং দোঙাগাওৰ ফিটকেজান গাঁৱৰ । স্থানীয় লোক সকলে জানিব দিয়া অনুসৰি বাৰিষাৰ সময়চোৱাত কুৱা সমূহ পানীৰে ভৰি থাকে কিন্তু খৰালি সময়ত তেওঁলোকৰ অঞ্চলটোৰ সকলো কুৱা শুকাই যায় । এইয়া চাওক কুৱাৰ পানী নহয় যেন ভৰলু নৈৰ হে পানী । এই পানী খাবলৈ উপযোগী নহয় যদিও খাবলৈ হে ব্যৱহাৰ কৰে এইসকল লোকে ।
যাৰ বাবে অন্য লোকৰ কুৱাত পানী আনিব যাবলগীয়া হয় । দিনটোত প্ৰতিটো সময়তে লৰা ছোৱালী আৰু মহিলা সকলে পানী সংগ্ৰহৰ বাবে ব্যস্ত থাকিব লগীয়া হয় ।
তাতে হৈ মানুহৰ ভিৰৰ বহুত আৰু ভিৰ বাবে কেতিয়াবা কেতিয়াবা মাৰ পিত সংঘটিত হয় এইয়া আমি কোৱা নাই শুনোক স্থানীয় লোকৰ মুখেৰে ।

Conclusion:এতিয়া স্থানীয় লোক সকলে পৰিৱৰ্তন কামী চৰকাৰলৈ আহ্বান জনাইছে যে ১ নং দোঙাগাওৰ ফিটকেজান বাসীৰ বাবে এটা পানীৰ বোৰিং স্থাপন কৰি অঞ্চলটোৰ লোক সকলক পানীৰ সমস্যাৰ পৰা মুক্তি দিবলৈ ।

ভাষ্য: ১/২/ স্থানীয় লোক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
Last Updated : Feb 5, 2020, 11:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.