ETV Bharat / state

২০০৯ চনৰ পৰা বি টি আৰত অস্ত্ৰ মুক্ত সমাজ গঢ়াৰ চেষ্টা কৰিছোঃ প্ৰমোদ বড়ো - ইউ পি পি এল

তামুলপুৰৰ ইউ পি পি এলৰ কাৰ্যালয়ত দলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হয় ৷ ইফালে বিটিচিত অবৈধ অস্ত্ৰ উদ্ধাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে প্ৰমোদ বড়োই ৷

UPPL PRESIDENT PRAMOD BORO  ATTENDED AT BAKSHA
২০০৯ চনৰ পৰা বিটিআৰত অস্ত্ৰ মুক্ত সমাজ গঢ়াৰ চেষ্টা কৰিছোঃ প্ৰমোদ বড়ো
author img

By

Published : Aug 20, 2020, 6:38 PM IST

Updated : Aug 20, 2020, 7:14 PM IST

বাক্সা,20 আগষ্টঃ বৃহস্পতিবাৰে বাক্সা জিলাৰ তামুলপুৰৰ ইউ পি পি এলৰ কাৰ্যালয়ত দলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হয় ৷ উপস্থিত হৈ ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োই সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ৷

২০০৯ চনৰ পৰা বিটিআৰত অস্ত্ৰ মুক্ত সমাজ গঢ়াৰ চেষ্টা কৰিছোঃ প্ৰমোদ বড়ো

মন্তব্যত তেওঁ কয় যে, দেশত ক'ভিড -১৯ ৰ আতংকৰ মাজতেই ইউ পি পি এল দলে নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে ৷ যিকোনো সময়ত নিৰ্বাচন হ'লে অংশগ্ৰহণ কৰিবলৈ সাজু আছে দলটো । বিটিচিত চৰকাৰ গঠনৰ বাবে যিমান কেইখন আসন লাগে, তাতকৈ অধিক আসন লাভ কৰিব বুলি কয় প্ৰমোদ বড়োৱে ।

আনহাতে দিল্লীত যোৱা সম্পৰ্কত তেওঁ কয় যে, দিল্লীত গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মন্ত্ৰীকহে গ'ল কৰিবলৈ গৈছিল । বিটিআৰ চুক্তিত যিসমূহ অনুষ্ঠান -প্ৰতিস্থান আৰু এন ডি এফ বি সকলৰ লগত যি আলোচনা কৰা হৈছে সেইসমূহ সঠিক ৰূপায়ণ কৰিব লাগে আৰু সকলো বিষয়ৰ ওপৰত গৃহমন্ত্ৰীৰ লগত আলোচনা কৰা হৈছে বুলি কয় ।

ইফালে বিটিচিৰ ৩৫ লাখ ভোটাৰে নিৰ্ণয় কৰিব কোনটো দলে চৰকাৰ গঠন কৰে ৷ ইফালে বিটিচিত পৰিবৰ্তন বিচাৰি UPPL দলক চৰকাৰ গঠন কৰাত ৰাইজে সহায় কৰিব বুলি উল্লেখ কৰি চলিত বৰ্ষত বিটিচিত অবৈধ অস্ত্ৰ উদ্ধাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰৰ বাবে আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰি কৰি ২০০৯ চনৰ পৰাই বি টি আৰত অস্ত্ৰ মুক্ত সমাজ গঢ়াৰ বাবে চেষ্টা কৰি আহিছো বুলি উল্লেখ কৰে নেতাগৰাকীয়ে । বিটিচিত সকলো অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰি হিংসা মুক্ত সমাজ গঢ়িবলৈ আহ্বান জনায় ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োই ।

লগতে পঢ়ক- সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত বিচাৰি চিৰাঙত আমছুৰ প্ৰতিবাদ

Last Updated : Aug 20, 2020, 7:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.