বাক্সা, 26 আগষ্ট : বুধবাৰে বাক্সা জিলাৰ 27নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ নিৰ্বাচন সভাত উপস্থিত থাকে গোবিন্দ বসুমতাৰী ৷ বসুমতাৰীয়ে বি চাওৰাইগৌৰাই BTR চুক্তিৰ আক্ষেপ প্ৰকাশ কৰাকলৈ ইউপিপিএল দলৰ নেতা গোবিন্দ বসুমতাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বি চাওৰাইগৌৰা এতিয়া হাগ্ৰাম মহিলাৰীৰ গোলাম তেওঁ যি ক'ব তাকেই কৰিব ।
চুক্তিখন স্বাক্ষৰ কৰা মানেই ভালদৰে বুজি পোৱা । তেওঁ বুজি স্বাক্ষৰ কৰিছিল নে নুবুজাকৈ স্বাক্ষৰ কৰিছিল এইয়া এক নুবুজা সাথৰ । BTR চুক্তিৰ জৰিয়তে বিটিচিত বসবাস কৰা বিভিন্ন ভাষা-ভাষী লোকসকলৰ সমস্যা সমাধান হ'ব ।
লগতে নেতাগৰাকীয়ে হাগ্ৰামা মহিলাৰীয়ে চুক্তিখনক লৈ কৰা আক্ষেপ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে 17বছৰীয়া ব্যৰ্থতা ঢাকিবলৈ BTR চুক্তিত একো নাই বুলি কৈছে । 2010 চনৰ পৰা অঞ্জলী দৈমাৰী বিপিএফৰ লগত ছাৰ দৰে লাগি আছিল । অঞ্জলী দৈমাৰীৰ বিপিএফত যোগদানে ইউপিপিএল দলক কোনো ক্ষতি নকৰে ।
লগতে পঢ়কঃ ৰাজ্যত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ