ETV Bharat / state

বতৰ উন্নয়নৰ ... পাচে উন্নয়ন ক’ত ? - উন্নয়ন

ছাপাগুৰি , মডেল বিটিচিৰ অন্তৰ্গত এটা অনুন্নত অঞ্চল ৷ উন্নয়ন আৰু চৰকাৰী আঁচনিৰ পোহৰ নপৰা ছাপাগুৰিলৈ আহিবনে উন্নয়ন ?

etv bharat
author img

By

Published : Mar 26, 2019, 5:04 AM IST

ছাপাগুৰি,26 মাৰ্চঃ উন্নয়ন আৰু আঁচনিৰহে যেন বতৰ এইয়া ৷ ঠিকেই নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত উন্নয়ন আৰু আঁচনিৰ জয়গান বাৰুকৈয়ে শুনা যায় শাসকীয় দলৰ মুখত ৷ পিচে উন্নয়ন ক’ত ? উন্নয়নৰ পোহৰ নপৰা এটা অঞ্চল ৷

etv bharat
বতৰ উন্নয়নৰ ... পাচে উন্নয়ন ক’ত ?
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰাইজৰ দুৰ্দশাৰ খবৰ ল’বলৈ স্বাধীনতাৰ সাতটা দশকৰ পাচতো আহৰি নহ’ল কোনো এজন জনপ্ৰতিনিধিৰ ৷ 63 নং ছাপাগুৰি বিধানসভা সমষ্টিৰ সহস্ৰাধিক লোকে আজিও এটুপি পানী , এখন দলং আৰু বহিঃবিশ্বৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত ভুগি আহিছে যমৰ-যাতনা ৷
etv bharat
বতৰ উন্নয়নৰ ... পাচে উন্নয়ন ক’ত ?

প্ৰায় সহস্ৰাধিকলোকে বসবাস কৰা সমষ্টিটোৰ চানকঠাল , অৰ্ণিবিল , হাব্ৰুবাৰী আদি গাঁৱলৈ যোৱাৰ বাবে আছে মাত্ৰ লুঙলুঙীয়া পথ ৷ এই পথৰ ওপৰতে আছে কেইবাখনো জৰাজীৰ্ণ বাঁহৰ দলং ৷ বাৰিষা হ’লেই যাতায়ত বন্ধ হৈ পৰা এই অঞ্চলটোত কিন্তু আজি পৰ্যন্ত নপৰিল এচপৰা মাটি অথবা এটা শিল ৷ বিগত সময়ছোৱাত কেইবাটাও ৰাজনৈতিক দলে প্ৰতিশ্ৰুতিৰ বন্যাৰে শাসনৰ বাঘজৰী ল’লে যদিও সলনি নহ’ল এইসকল গঞাৰ দুৰ্বিসহ জীৱন প্ৰণালী ৷

etv bharat
বতৰ উন্নয়নৰ ... পাচে উন্নয়ন ক’ত ?

উল্লেখ্য যে, কথাই কথাই মডেল বিটিচিৰ স্বপ্ন দেখুওৱা হাগ্ৰামা মহিলাৰীৰ কথা আৰু উন্নয়নৰ বতাহেও স্পৰ্শ কৰিব নোৱাৰা চানকঠাল , অৰ্ণিবিল অঞ্চলৰ ৰাইজে হয়তো পাহৰি পেলাইছে উন্নয়নৰ স্বপ্ন ৷ এতিয়া প্ৰশ্ন হয় , কেন্দ্ৰ , ৰাজ্য অথবা বিটিচিৰ শাসনত থকা মিত্ৰজোঁট চৰকাৰৰ দৃষ্টি পৰিবনে ছাপাগুৰিৰ এইটো অঞ্চলত ? নে বিজ্ঞাপনৰ চমকেৰে বিপদসংকুল বাটেৰে অব্যাহত থাকিব এইসকল লোকৰ জীৱন ৷

Intro: চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটা অঞ্চল ৷ বাক্সা জিলাৰ ভাৰত -ভূটান সীমান্তৰ ৰাইজৰ দূৰ্দশাৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷ ৬৩ নং ছাপাগুৰি বিধানসভা সমষ্টিৰ সহস্ৰাধিকলোকে আজিও কটাইছে দূৰ্বিসহ জীৱন ৷ যাতায়ত কৰিবলৈ নাই এটা পথ ৷Body: এই দৃশ্য বাক্সা জিলাৰ ৬৩ নং ছাপাগুৰি বিধানসভা সমষ্টিৰ ৷ দেশ স্বাধীন হোৱাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিচতো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই অঞ্চলটোক ৷ প্ৰায় সহস্ৰাধিকলোকে বসবাস কৰা অঞ্চলটোৰ চানকঠাল, অৰ্ণিবিল, হাব্ৰুবাৰী আদি গাঁৱলৈ যোৱাৰ বাবে আছে মাত্ৰ এটা কেছা পথ ৷ পথটোত আছে কেবাখনো বাহৰ জৰাজীৰ্ণ দলং ৷ বাৰিষা হলেই পথটোৰে বন্ধ হৈ পৰে যাতায়ত ৷ বিগত সময়ছোৱাত কেবাটাও ৰাজনৈতিক দলে ৰাজ্যৰ শাসনৰ বাঘজৰী ললে যদিও আজিলৈকে পথটোৰ ওপৰত নপৰিল এচপৰা মাটি ৷ ফলত ৰাইজে নিৰ্মাণ কৰা বাহৰ দলঙেৰে বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে ৷Conclusion:আনকি হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিয়েও ঢুকি পোৱা নাই চানকঠাল, অৰ্ণিবিল অঞ্চলক ৷
বাইট— স্থানীয় ব্যক্তি ৷
ছাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.