বাক্সা, 11 জুনঃ বুধবাৰে নিশা বাক্সাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত দুজনৰ লোকৰ শৰীৰত কোভিড-১৯ ধৰা পৰে । স্বাস্থ্য বিভাগৰ সুত্ৰেই জানিবলৈ দিয়া অনুসৰি কৰ'ণাত আক্ৰান্ত ব্যক্তি দুগৰাকী হৈছে মুকুন্দপুৰ কাড়িপাৰাৰ খুন বসুমতাৰী আৰু আনজন গোৰেশ্বৰ টেঙাঝাৰৰ জীতেন নাৰ্জাৰী ৷
উল্লেখ্য যে, দুয়োগৰাকী যুৱক মুম্বাইত কৰ্মৰত আছিল ৷ কৰ'ণাত আক্ৰান্ত হোৱা খুন বসুমতাৰী বৰমা কোৱাৰান্টাইন আছিল আৰু যোগেন বসুমতাৰী মেমৰিয়েল হাস্পতালত কোৱাৰেন্টাইনত আছিল ৷
কোৱৰেন্টাইন কেন্দ্ৰৰ পৰা তিনিদিন পুৰ্ব ঘৰলৈ আহি ঘৰৰ আছুতীয়া কোৱাৰান্টাইন হৈ আছিল দুয়োজন যুৱক ৷ ঘটনাৰ পাছতেই একেলগে বহিৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন হৈ থকা লোক সকল আতংকিত হৈ পৰিছে ।