বাক্সা, ১৪ আগষ্ট : শুকুৰবাৰে বাক্সা(Baksa) জিলাত হাইস্কুল টেট(TET) উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় । বি টি আৰ(BTR)ৰ শিক্ষা বিভাগে বি টি আৰৰ বিভিন্ন বিদ্যালয়ত ৮৫১ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰৰ পৰা নিযুক্তি পত্ৰ বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ সেই অনুসৰি শুকুৰবাৰে বাক্সা জিলাত ৪২০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।
বি টি আৰৰ শিক্ষা সঞ্চালক অমৰজ্যোতি বৰ্মনে জানিবলৈ দিয়া মতে, বি টি আৰত মুঠ ৮৫১ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব ৷ বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ২৪০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে ৷ শিক্ষা বিভাগে নিকাভাৱে টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা বুলিও মন্তব্য কৰে অমৰজ্যোতি বৰ্মনে ৷
বৰমা মহাবিদ্যালয় পেক্ষাগৃহত অনুষ্ঠিত হোৱা এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে বি টি আৰ অৰ ই এম ঘনস্যাম দাস আৰু ৰাকেশ ব্ৰহ্ম ৷ লগতে উপস্থিত থাকে বাক্সা জিলা স্কুল পৰিদৰ্শক ভবেন দেউৰী, বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° টিকেন চন্দ্ৰ দাসৰ লগতে কেইবাজনো বিভাগীয় বিষয়া ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে কোকৰাঝাৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ ১৪৪ গৰাকী আৰু চিৰাং জিলাৰ ৯৬ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (Pramod Bodo) আৰু আন কাৰ্যবাহী সদস্য সকলে ৷ শনিবাৰে ওদালগুৰি জিলাৰ ১৯১ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব ।
লগতে পঢ়ক:ড৹ হিমন্ত বিশ্ব শৰ্মালৈ অনন্ত শয্যা উপহাৰ নলবাৰী এগৰাকী ব্যক্তিৰ