বাক্সা, 17 ছেপ্তেম্বৰ: বাক্সা জিলাৰ টিহু - বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত খাৰুৱা অনুসুচীত জাতি চৰকাৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত কাণ্ড ৷ 35 জন শিক্ষাৰ্থীৰ বিপৰীতে কেৱল এজন শিক্ষক থকা বিদ্যালয়তখনত এতিয়া মদৰ নিচাত সপ্তাহৰ পাছত সপ্তাহ অনুপস্থিত থাকে একমাত্ৰ শিক্ষক তথা বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰনৱ কলিতা৷ শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিক কুলষিত কৰা প্ৰণৱ কলিতাৰ এই কাণ্ডৰ ফলত এতিয়া অন্ধকাৰৰ মুখলৈ গতি কৰিছে বিদ্যালয়খনৰ 35 জন কণমাণি শিক্ষাৰ্থীৰ ভৱিষ্যত ৷
আগৰ পৰাই নিজৰ খেয়াল খুচিমতে বিদ্যালয়ত উপস্থিত থকাৰ অভিযোগ থকা শিক্ষক প্ৰণৱ কলিতাৰ অনুপস্থিতিত এতিয়া শিক্ষাৰ্থীসকলক পাঠদান কৰিব লগা হৈছে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী আৰু সহায়িকাই ৷ যাৰ ফলত এতিয়া হাহাকাৰ লাগিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত ৷ কিন্তু তাৎপৰ্য্যপূৰ্ণ কথাটো হ'ল ইমানৰ পাছতো কাণষাৰ নাই বিয়াগোম শিক্ষা বিভাগৰ ৷ ৰহস্যজনকভাৱে মদাহী শিক্ষক প্ৰণৱ কলিতাৰ বিৰুদ্ধে সকলো জানি-শুনিও কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই শিক্ষা খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়াই ৷
ইতিমধ্যে হেড ছাৰৰ অপেক্ষা কৰিকৰি ভাগৰি পৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল ৷ এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয় এনে দৰে চলিব নেকি বি টি চিৰ শিক্ষা ব্যৱস্থা? কুম্ভকৰ্ণৰ নিদ্ৰাৰ পৰা সাৰ পাব নে সততে শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ফটা ঢোল বজোৱা ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই? এই প্ৰশ্ন এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ ৷