তামুলপুৰ, 21 মেঃ বাক্সা জিলাৰ উপায়ুক্তৰ মৌখিক প্ৰতিশ্ৰুতি অমান্য কৰি জিলাখনৰ উত্তৰ বেতনা অব্যাহত আছে অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ৷ দৈনিক শ-শ ডাম্পাৰ এইদৰে চলাচল কৰাৰ বাবে বহুসময়ত সংঘটিত হৈছে বহুকেইটা দুৰ্ঘটনা ৷
গোৰেশ্বৰৰ মহৰিপাৰা নাওকাটাৰ মাজেৰে যোৱা বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথেৰে এচাম চোৰাং ব্যৱসায়ীয়ে দিনে নিশাই পুথিমাৰী নৈৰ পৰা শিল-বালি কঢ়িয়াই আহিছে ৷ ডাম্পাৰসমূহে অতিৰিক্ত বোজা কঢ়িওৱাৰ ফলত উক্ত পথছোৱাৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰাৰ লগতে সঘনে দুৰ্ঘটনাও সংঘটিত হৈ আহিছে ৷ এনে অৱস্থাত বাক্সাৰ জিলা উপাযুক্তই দিনৰ ভাগত ডাম্পাৰৰ চলাচল বন্ধ কৰি নিশা 8 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ চলিব বুলি মৌখিক প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল ৷ সেয়েহে আজি উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাই এইদৰে ডাম্পাৰসমূহ আৱদ্ধ কৰি ৰাখে ৷